পাথৰৰ অস্ত্রোপচাৰ কৰা চিকিৎসকে উলিয়াই নিলে ৰােগীৰ বৃক্ক : ক্ষতিপূৰণৰ নির্দেশ

Doctor1634642023154

অসহনীয় পিঠিৰ বিষৰ লগতে প্রস্তাৱৰ সমস্যাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভর্তি হৈছিল গুজৰাটৰ এজন ব্যক্তিয়ে। চিকিৎসকে পৰীক্ষা কৰি বৃক্কত পাথৰ হােৱা বুলি অৱগত কৰি অস্ত্রোপচাৰ কৰিব লাগিব বুলি জনাইছিল। কিন্তু অস্ত্রোপচাৰ কৰাবলৈ গৈ বিপত্তিৰ সন্মুখীন হ’ল ৰােগী।

ADVERTISEMENT

উত্থাপিত অভিযােগ অনুসৰি, চিকিৎসকে ৰােগীৰ বৃক্কৰ পৰা পাথৰ উলিওৱাৰ পৰিৱর্তে সমগ্র বৃক্কটো কাটি পেলায়। এই ঘটনাৰ কিছুদিনৰ পাছতে উক্ত ৰােগীৰ মৃত্যু হৈছিল।

২০১১তে সংঘটিত হােৱা এই ঘটনাৰ বিচাৰ চলাই অৱশেষত আদালতে উক্ত ব্যক্তিৰ পৰিয়ালক বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ আদায় দিবলৈ নির্দেশ দিলে সংশ্লিষ্ট চিকিৎসালয় আৰু চিকিৎসকক।

গুজৰাটৰ খেদা জিলাৰ বাসিন্দা দেবেন্দ্ৰভাই ৰাভালৰ মৃত্যুৰ গােচৰত এইদৰে বালাচিনৰাে চহৰৰ কে এম জি চিকিৎসালয়ৰ চিকিৎসক শিবুভাই পেটেলক দোষী সাব্যস্ত কৰি আদালতে মৃত ৰােগীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ নির্দেশ দিলে।

Exit mobile version