বাথৰূমত সোমাই চকুলো টোকে ব্রাজিলৰ ৰাষ্ট্ৰপতিয়ে,কিন্তু কিয় ?

FYUUKCS5LNK6JNXGN4Z4Q7C7WU

কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত সম্পূর্ণ ব্যর্থ হােৱাৰ অভিযােগৰ বিৰুদ্ধে যুঁজ দি অহা ব্রাজিলৰ ৰাষ্ট্রপতি জে’ৰ বলছ’নাৰুৱে প্ৰকাশ কৰা মতে, তেওঁ প্রায়ে বাথৰূমত গােপনে চকুলাে টুকি আহিছে।

ব্রাজিলৰ ৰাষ্ট্রপতিজনে কয় যে যেতিয়াই তেওঁ কোনাে কঠিন সিদ্ধান্ত গ্রহণ কৰিব লগা হয়, তেতিয়া তেওঁ বাথৰূমলৈ গৈ কিছু সময় অকলে চকুলাে টোকে।উল্লেখ্য যে কৰ’নাৰ সংক্রমণ প্রতিৰােধত ব্যর্থতাৰ কাৰণত নিজ দেশত বলছ’নাৰুৰ যথেষ্ট জনপ্রিয়তা হ্রাস পাইছে।

ব্রাছিলিয়াত এটা গির্জাত এক অনুষ্ঠানত অংশ লােৱাৰ সময়ত হঠাতে আৱেগিক হৈ পৰা বলছ’নাৰুৱে কয়, ‘কৰ’না সন্দৰ্ভত আমি কি কৰিব লাগিব, সেয়া দ্রুতভাৱে নির্ণয় কৰা হ’ব।

সেনাক ক’লৈ প্ৰেৰণ কৰা হ’ব সেই সিদ্ধান্তও আমি ল’ম। মই প্ৰায়ে ঘৰত অকলে বাথৰূমত চকুলাে টুকি আহিছাে আৰু এই ঘটনা মােৰ পত্নীয়ে কেতিয়াও দেখা পােৱা নাই।

তেওঁ ভাবে মই এজন শক্তিশালী মানুহ ময়াে ভাবাে যে তেওঁ বৰ্তমানলৈকে মােৰ বিষয়ে সঠিক কথাই ভাবিছে।’ উল্লেখ্য যে ব্রাজিলত এতিয়ালৈকে ৬০,৩২৮২ জন ক’ভিড ৰােগীৰ মৃত্যু হৈছে।

একে সময়তে দেশখনত মূল্যবৃদ্ধি আৰু কর্মসংস্থাপনহীনতাই শীৰ্ষত আৰােহৰণ কৰিছে। এনে পৰিস্থিতিত ৰাজনৈতিকভাৱে বলছ’নাৰু ব্যর্থ হােৱাৰ অভিযােগ উত্থাপিত হৈছে।

Exit mobile version