মার্ক্সবাদৰ পৰা মুক্তি : বিলাসী বাসগৃহত বহি গ্ৰন্থ অধ্যয়ন কানহাইয়াৰ

1634662223 kanhaiya

সন্মুখত পাহাৰৰ দৃশ্য থকা এটা সুসজ্জিত বাসগৃহত ছােফাত আৰামৰে বহি গ্রন্থ অধ্যয়নত মগ্ন এসময়ৰ বামপন্থী নেতা কানহাইয়া কুমাৰ।

অলপতে ইনষ্টাগ্ৰামত নিজৰ এই ফটো প্ৰচাৰ কৰিছিল অলপতে চি পি আই ত্যাগ কৰি কংগ্ৰেছত যােগদান কৰা কানহাইয়াই।

কানহাইয়াক এই নতুন ৰূপত প্রত্যক্ষ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। ইতিমধ্যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্রনেতাজনৰ নামত সামাজিক মাধ্যমত ‘হেশ্বটেগ মার্ক্সবাদ চে আজাদী’ নামৰে এক অভিযান জনপ্রিয় হৈ উঠিছে।

কানহাইয়াই এইদৰে বিলাসী বাসগৃহত আৰামী জীৱন উপভােগ কৰাক লৈ একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কটাক্ষ কৰি কৈছে যে অৱশেষত মার্ক্সবাদৰ পৰা মুক্তি লাভ কৰিলে কানহাইয়াই।

উল্লেখ্য যে যােৱা ছেপ্টেম্বৰত নতুন দিল্লীত কংগ্ৰেছত যােগদান পূর্বে কানহাইয়াই পাটনাৰ চি পি আইৰ কার্যালয়ৰ নিজৰ কোঠাৰ পৰা শীততাপ নিয়ন্ত্রিত যন্ত্র খুলি নিয়াক লৈ এক বিতর্ক সৃষ্টি হৈছিল।

নিজকে বামপন্থী আৰু সর্বহাৰাৰ নেতা বুলি দাবী কৰি অহা কানহাইয়াই এইদৰে কাৰ্যালয়ত শীততাপ নিয়ন্ত্রিত যন্ত্র ব্যৱহাৰ কৰা আৰু শেহতীয়াভাৱে বিলাসী কোঠাত গ্রন্থ অধ্যয়নৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি আকৌ এবাৰ নতুন বিতর্ক সৃষ্টি কৰিলে।

Exit mobile version