Amarinder Singh : পঞ্জাৱত নতুন দল গঠন কৰিব অমৰিন্দৰে, বিজেপিৰে কৰিব মিত্ৰতা

DM P0910 696x392 1

কংগ্ৰেছ দল ত্যাগৰ পাছত অৱশেষত নিজা দল গঠনৰ কথা ঘোষণা কৰিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে । পূৰ্বে সিঙে বিজেপিত যোগদান কৰিব বুলি বিশেষ চৰ্চা চলিছিল যদিও আজি কংগ্ৰেছৰ প্ৰাক্তন নেতাজনে ঘোষণা কৰি কয় যে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ এটা নতুন ৰাজনৈতিক দল গঠন কৰিব ।

সিঙৰ নেতৃত্বত গঠিত হ’ব লগা এই দলটোৱে বিজেপিৰ স’তে মিত্ৰতা কৰিব । আজি অমৰিন্দৰৰ মুখ্য উপদেষ্টা ৰবীন ঠাকুৰালে এই কথা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, ‘পঞ্জাৱৰ ভৱিষ্যতৰ বাবে সংগ্ৰাম চলিছে আৰু চলিব । পঞ্জাৱবাসীৰ বাবে শীঘ্ৰে নতুন দল ঘোষণা কৰা হ’ব ।’ উল্লেখ্য যে যোৱা মাহত সিঙে পঞ্জাৱৰ মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ইয়াৰ পাছতে তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল ।

Exit mobile version