Ananya Panday-Aryan Khan: আৰিয়ানৰ স’তে কথাবাৰ্তাৰ সূত্ৰে অনন্যাক তলব এন চি বি -ৰ

ananya aryan

এগৰাকী নৱাগত নায়িকাৰ স’তে হোৱাটছএপত মাদক প্ৰসংগত আলাপ কৰিছিল শ্বাহৰুখৰ পুত্ৰ আৰিয়ানে।নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ (এনচিবি)ৰ বিষয়াসকলে বুধবাৰে আদালতত কথোপকথনৰ কিছু নথিপত্ৰ দাখিল কৰে।তাৰ পাছতেমাদক কাণ্ডত আৰিয়ানৰ জামিনৰ আবেদন নাকচ কৰে।

বৃহস্পতি বাৰে দুপৰীয়া হঠাৎ অভিনেতা চাঙ্কি পাণ্ডেৰ জীয়ৰী অনন্যা পাণ্ডেৰ ব্ৰেণ্ডাৰ গৃহত অভিযান চলাই এনচিবিয়ে ।

কেৱল সেয়াই নহয়, ‘ষ্টুডেণ্ট অফ দা ইয়েৰ ২’ নায়িকাগৰাকীক এনচিবি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে। তথ্য অনুসৰি অনন্যাৰ ঘৰৰ পৰা কিছু সামগ্ৰী জব্দ কৰা হৈছে।

এনচিবিৰ এজন বিষয়াই সাংবাদিকক কয়, “কাৰোবাক তলব কৰা মানেই তেওঁ অপৰাধী নহয়। সোধা-পোছাৰ বাবেও মাতি অনা হয়। অনন্যাকো সেই বাবেই মাতি অনা হৈছে। “

কিন্তু একে সময়তে, সংবাদ মাধ্যমৰ সূত্ৰই দাবী কৰে যে অনন্যা হৈছে সেইগৰাকী অভিনেত্ৰী যিগৰাকীৰ স’তে আৰিয়ানৰ হোৱাটছএপ বাৰ্তা লাভ কৰিছে আৰু সেই সূত্ৰেই তেওঁক তালাচী আৰু সোধা পোছাৰ বাবে মাতি অনা হৈছে।কিন্তু এনচিবিয়ে এই পৰ্যন্ত সেই বিষয়ে অৱগত কৰা নাই ।

Exit mobile version