Facebook : নাম সলনি হ’ব ফে’চবুকৰ

অহা সপ্তাহত নতুন পৰিচয় লাভৰ সম্ভাৱনা জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানৰ

fb

জনপ্রিয় সামাজিক মাধ্যম ফে’চবুকৰ নাম অচিৰে সলনি হ’ব পাৰে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ বাতৰি অনুসৰি, অহা সপ্তাহৰ ভিতৰত ফে’চবুকৰ নাম সলনিকৰণৰ বিষয়টো চূড়ান্ত হ’ব পাৰে। অৱশ্যে বর্তমানলৈকে এই বিষয়ত মার্ক জুকাৰবাৰ্গৰ প্রতিষ্ঠানটোৱে কোনাে তথ্য প্রকাশ কৰা নাই।

অহা ২৮ অক্টোবৰত ফেচবুকৰ বার্ষিক সন্মিলন অনুষ্ঠিত হ’ব। এই অনুষ্ঠানতে জুকাৰবার্গে প্রতিষ্ঠানটোৰ নাম সলনি কৰাৰ প্ৰসংগ আলােচনা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কিয় ফে’চবুকে নাম সলনি কৰিব বিচাৰিছে সেয়া এতিয়াও স্পষ্ট হােৱা নাই। ‘দ্য ভার্জ’ নামৰ সংবাদ মাধ্যমৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি অহা সপ্তাহৰ ভিতৰত ফেচবুকৰ নামপৰিৱর্তনৰ বিষয়টো স্পষ্ট হােৱাৰ সম্ভাৱনা আছে।

অৱশ্যে একাংশ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, ফেচবুকৰ নাম সলনি কৰা হ’ব বুলি ভুৱা বাতৰি প্ৰচাৰিত হৈছে। এক সংবাদ সংস্থাই ফেচবুকৰ এজন শীর্ষ বিষয়াৰ বক্তব্য উল্লেখ কৰি জনােৱা অনুসৰি, নতুন নামৰ স’তে ‘হৰাইজন’ শব্দটো সংযােজিত হ’ব পাৰে। ইংৰাজীৰ ‘হৰাইজন’ শব্দটোৰ অৰ্থ হৈছে দিগন্ত।

এই ক্ষেত্ৰত এক প্রশ্ন উত্থাপিত হৈছে যে ইণ্টাৰনেট মাধ্যমত জনপ্রিয়তাৰ আকাশ স্পর্শ কৰাৰ পাছত এইবাৰ ফেচবুকে নতুন দিগন্ত স্পর্শ কৰিবলৈ সাজু হৈছে নেকি? অৱশ্যে ফেচবুকে যে নামৰ লগতে কামৰেও দিগন্ত স্পর্শ কৰিব বিচাৰে ইয়াৰ ইংগিত জুকাৰবাৰ্গৰ প্রতিষ্ঠানটোৱে বহু পূর্বে দিছিল।

কেৱল নেট মাধ্যমত আবদ্ধ নাথাকি ‘ভাৰ্চুৱেল ৰিয়েলিটী’ বা ‘অধিবাস্তৱ’ৰ মাধ্যমৰে কৰ্মৰত হােৱাৰ কথাও উল্লেখ কৰিছিল ফেচবুকৰ প্রতিষ্ঠাপক জুকাৰবার্গে। এই ‘অধিবাস্তৱ’ৰ নাম ৰখা হৈছে ‘মেটা ভাৰ্ছ। বর্তমানৰ ফেচবুক, ইনস্টাগ্রাম, হােৱাটছএপতকৈও অধিক চিন্তাকর্ষক হ’ব এই ‘ভাৰ্চুৱেল’ বিশ্বখন। প্রসংগত উল্লেখ্য যে আমেৰিকাৰ বহুজাতিক প্রযুক্তি সংস্থা ফে’চবুক ইনকৰ্প’ৰেচনে নাম সলনি কৰিলেও ইয়াৰ ফে’চবুক এপৰ নাম সলনি নকৰে।

ইনষ্টাগ্রাম, হােৱাটছএপৰ দৰে ফেচবুকৰ অন্তর্গত অন্যান্য এপৰ দৰে ফে’চবুক এপাে থাকিব। অৱশ্যে এইসকলােবােৰ এপ যিটো সংস্থাৰ অধীনত আগন্তুক দিনত থাকিব, সেই সংস্থাৰ নাম সলনি হ’ব পাৰে। স্মর্তব্য যে ১৭ বছৰ পূর্বে হার্ভার্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে জুকাৰবার্গে ফে’চবুক এপ্ তৈয়াৰ কৰি আলােড়ন সৃষ্টি কৰিছিল।

কলেজীয়া ছাত্র হিচাপে জুকাৰবাৰ্গে আৰম্ভ কৰা এই সামাজিক মাধ্যম এপটোৱে অতি কম সময়ৰ ভিতৰতে বিশ্বজুৰি বিপুল জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছিল। সম্প্রতি সামাজিক মাধ্যমত ফে’চবুক সর্বাধিক ব্যৱহাৰ হৈ আহিছে।

Exit mobile version