Farmers Protest : অনিৰ্দিষ্ট কাললৈ পথ বন্ধ নহয়, কৃষকসকলৰ পৰা উত্তৰ বিচৰিলে শীৰ্ষ ন্যায়ালয়ে

গোচৰৰ পৰৱর্তী শুনানি হ’ব সাত ডিছেম্বৰত । ইয়াৰ আগতে তিনি সপ্তাহৰ ভিতৰত কৃষক সংগঠনবোৰে তেওঁলোকৰ প্রতিক্রিয়া জনাব লাগিব শীর্ষ আদালতক ।

‘প্রতিবাদৰ অধিকাৰ থাকিলেও অনির্দিষ্টকালৰ বাবে পথ বন্ধ নহয় ।’ কৃষি আইনৰ বিৰোধিতা কৰি আন্দোলনৰত কৃষকসকলক উদ্দেশ্যি এই বার্তা দিলে শীৰ্ষ ন্যায়ালয়ে । ইয়াৰ পৰিপ্রেক্ষিতত উচ্চতম ন্যায়ালয়ে কয় যে, কৃষকসকলৰ প্রতিবাদ কৰাৰ অধিকাৰ আছে কিন্তু অনির্দিষ্টকালৰ বাবে পথ বন্ধ কৰি ৰাখিব নোৱাৰে । প্রতিবাদী কৃষকসকলক পথৰ পৰা আঁতৰাই অনাৰ আবেদনৰ পৰিপ্রেক্ষিতত কৃষক সংগঠনবোৰৰ প্রতিক্রিয়া জানিব বিচাৰিছে ন্যায়ালয়ে ।

উল্লেখ্য, কিছুদিন পূৰ্বে ছিংঘু সীমান্তত নৃশংসভাৱে হত্যা কৰা হয় এজনক । ইয়াৰ পাছতেই দিল্লী সীমান্তৰ পৰা কৃষক আন্দোলন প্ৰত্যাহাৰৰ দাবীত জনস্বার্থ গোচৰ ৰুজু কৰা হয় উচ্চতম ন্যায়ালয়ত । আবেদনত দাবী কৰা হয়, কৰ’না কালত সম্প্ৰতি কোনো আন্দোলন কৰাৰ অনুমতি নিদিবলৈ ৰাজ্যবোৰক নির্দেশ দিয়ক শীৰ্ষ ন্যায়ালয়ে ।

প্রসংগত, যোৱা আগষ্টতো এটা গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পর্যবেক্ষণ দিয়ে, ‘পথ আৱদ্ধ কৰি কোনো আন্দোলন কৰিব নোৱাৰিব । ইয়াৰ ফলত জনসাধাৰণৰ সমস্যা হয় ।’ উল্লেখ্য, কেন্দ্রৰ নতুন তিনি কৃষি আইনৰ প্রতিবাদত বিগত প্রায় এবছৰ ধৰি দিল্লীৰ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকসকলে ।

চলিত বৰ্ষৰ ২৬ জানুৱাৰী অর্থাৎ গণতন্ত্র দিৱসত ট্রেক্টৰ লৈ দিল্লীত প্ৰৱেশ কৰিছিল তেওঁলোক । পূর্ব ঘোষিত ট্র্যেক্টৰ ৰেলিৰ ৰুট ভাঙি কৃষকসকল লালকিল্লাত উপস্থিত হয় । কিল্লাৰ শিখৰত উঠি সংগঠনৰ পতাকা উত্তোলন কৰে । ইয়াৰ উপৰি, ঐতিহ্যমণ্ডিত লালকিল্লাত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয় আন্দোলনকাৰীসকলৰ বিৰুদ্ধে । সেই ঘটনাত বিস্তৰ বিতর্কৰ সৃষ্টি হৈছিল । পাছত ছিংঘু সীমান্তত নৃশংস হত্যাকাণ্ডত পুনৰ বিতর্কিত হয় কৃষক আন্দোলন ।

Exit mobile version