Trekkers Missing in Kinnaur:কিন্নৰত ১৭ পৰ্বতাৰোহী সন্ধানহীন, তালাচী অভিযান চলাইছে আৰক্ষী আৰু বন বিভাগে

1634795286 new project 100

হিমাচল প্রদেশৰ কিন্নৰত পর্বতাৰোহণ কৰিবলৈ গৈ নিখোজ হ’ল ১৭ জন পর্বতাৰোহী । তেওঁলোকৰ সন্ধান চলাইছে আৰক্ষী আৰু বন বিভাগে । ভাৰত তিব্বত সীমান্ত আৰক্ষীকো খবৰ দিয়া হৈছে । তেওঁলোকেও তালাচী অভিযানত সহায় কৰিছে বুলি জনাইছে প্রশাসনে ।

কিন্নৰ এজন চৰকাৰী বিষয়াই সংবাদমাধ্যমক জনায়, যোৱা ১৪ অক্টোবৰত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ পৰা কিন্নৰৰ উদ্দেশ্যে ৰাওনা হয় পর্বতাৰোহীৰ দলটো । কিন্তু ১৭ৰ পৰা ১৯ অক্টোবৰৰ ভিতৰত লামখাগা গিৰিপথৰ কাষত সন্ধানহীন হয় তেওঁলোক । এই গিৰিপথৰ মাধ্যমত কিন্নৰৰ পৰা উত্তৰাখণ্ডৰ হর্ষিল যাব পাৰি । ভাৰতৰ কঠিন গিৰিপথবোৰৰ ভিতৰত এইটো অন্যতম।

কিন্নৰৰ ডেপুটি কমিচনাৰ আবিদ হুছেন ছাদিকে জনাইছে, ঘটনাৰ খবৰ পায়েই তালাচী অভিযানত নামিছে আৰক্ষী আৰু বন বিভাগ । দুর্গম অঞ্চলত তালাচীৰ বাবে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰো সহায় বিচাৰিছে প্রশাসনে । তেওঁলোকেও তালাচী অভিযানত সহায় কৰিছে । এই প্রতিবেদনটো লিখা পর্যন্ত কাৰো সন্ধান পোৱা নাই ।

Exit mobile version