বকোত একেদিনাই ৫৭লাখ টকা ব্যয় সাপেক্ষে সাতখনকৈ শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠা আৰু জিৰণী কোঠা উদ্ধোধন

Screenshot 218

ব্যক্তিগত শিক্ষানুস্থানৰ শিক্ষা আৰু ব্যৱস্থাৰ স’তে খোজত খোজ মিলাই আগবাঢ়িবলৈ চৰকাৰী প্ৰাইমাৰী পৰ্যায়ৰ বিদ্যালয়সমূহৰ আন্ত:গাঁথনি উন্নত হ’ব লাগিব । এই ক্ষেত্ৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে বকো সমষ্টিত প্ৰাইমাৰী পৰ্যায়ত ১০০খন শিক্ষানুষ্ঠানত আদৰ্শ শ্ৰেণী কোঠা নিৰ্মাণৰ কাম হাতত লয় । একেদৰে মহাবিদ্যালয় আৰু হায়াৰ ছেকেণ্ডেৰী সমূহত ছাত্ৰ-ছাত্ৰীৰ জিৰণি কোঠা, হোষ্টেল,‌ জনগোষ্ঠীয় ভাষাসমূহ শিকাৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে । আদৰ্শ শ্ৰেণী কোঠাৰ উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ।

প্ৰথম পৰ্যায়ত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বকো জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠা আৰু জাৰিহাট, বন্দাপাৰা, বকো, হাহিম পৰিষদীয় সমষ্টিৰ জাৰিহাট এম ই‌ স্কুল,‌ গাধফুটা প্ৰাথমিক বিদ্যালয়, বন্দাপাৰা প্ৰাথমিক বিদ্যালয়, খাহিপাৰা প্ৰাথমিক বিদ্যালয়, লালমাটি প্ৰাথমিক বিদ্যালয়, আউনীহাটী প্ৰাথমিক বিদ্যালয়ত আদৰ্শ শ্ৰেণী কোঠাৰ উদ্ধোধন কৰা হয় ।

আদৰ্শ শ্ৰেণী কোঠাসমূহত ষ্টিলৰ ডেস্ক বেঞ্চ, ষ্টিলৰ আলমাৰী, ৰানিং ৱাটাৰৰ লগতে প্ৰধান শিক্ষকসকল বহিব পৰাকৈ সুন্দৰ পৰিৱেশৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version