স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা দোতমা ফকিৰাগ্ৰামত বিজেপি কৰ্মকৰ্তাৰ

WhatsApp Image 2021 10 22 at 1.34.38 PM

বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ’না ভাইৰাচৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰে ভেকছিন প্ৰদান কৰিছে । এই ভেকছিন ইতিমধ্যে এশ কোটি লোকক বিনামূলীয়াকৈ প্ৰদান কৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতে গৌৰৱ অৰ্জন কৰাৰ বাবেই বিজেপিৰ কৰ্মকৰ্তাসকলে স্বাস্থ্যকৰ্মী ছাফাই কৰ্মীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে ।

কোকৰাঝাৰ জিলাৰ দোতমা মণ্ডল আৰু ফকিৰাগ্ৰাম মণ্ডল সমিতিৰ কৰ্মকৰ্তা সকলেও পৃথকে পৃথকে চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিত কৰ্মৰত চিকিৎসক, নাৰ্ছ, ছাফাইকৰ্মী সকলক সম্বৰ্ধনা জনায় । উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে দোতমা মণ্ডল সমিতিৰ সভাপতি অঞ্চুমৈ ওৱাৰী, ৰাজেন্দ্ৰ বসুমাতাৰীৰ লগতে বিজেপিৰ অইন অইন কৰ্মকৰ্তা সকলো ।

দোতমা, সেৰফানগুৰী, শিমলাগুৰী, ৰামফল বিল আদি চিকিৎসালয় স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক নাৰ্ছৰ লগতে ছাফাই কৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । ইপিনে, ফকিৰাগ্ৰাম মণ্ডল সমিতিয়েও শক্তি আশ্ৰমত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ।

Exit mobile version