Handloom Textiles : গভীৰ অৰ্থ সংকটে জুৰুলা কৰিছে শুৱালকুছিৰ শিপিনী-বস্ত্ৰ ব্যৱসায়ীক

শিপিনীক মজুৰি নিদি পৰিচালন সঞ্চালকৰ বিলাস ভ্ৰমণ, চাৰি মাহে দৰমহা বন্ধ

04

কৰ’না মহামাৰীয়ে সৰ্বসাধাৰণক ত্ৰাহিমধুসূদন সোঁৱৰাইছে । তাৰ পৰা ৰেহাই পোৱা নাই শুৱালকুছিৰ শিপিনী আৰু তাঁতশালৰ বস্ত্ৰ ব্যৱসায়ীসকলেও । তলাবন্ধৰ সময়ত শুৱালকুছিৰ ক্ষুদ্ৰ শিপিনীসকলক সকাহ দিয়াৰ বাবে নগদ ধনৰে কাপোৰ ক্ৰয় কৰি আৰ্টফেডে কিছু সকাহ দিছিল । সমান্তৰালভাৱে শুৱালকুছিৰ বস্ত্ৰ ব্যৱসায়ীসকলৰ পৰাও আৰ্টফেডে কাপোৰ সংগ্ৰহ কৰি আংশিক ধন আদায় দিছিল; কিন্তু বিগত দুটা বছৰে উক্ত ব্যৱসায়ীসকলক ধন শেষ পৃষ্ঠাত চাওক আদায় নিদিয়াত চৰম অসুবিধা ভোগ কৰিছে ব্যৱসায়ী আৰু কাপোৰ যোগনিয়াৰসকল ।

আনহাতে, আৰ্টফেডৰ শুৱালকুছিস্থ সূতা ভঁৰালৰ লগতে মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী, শিপিনীক আজি চাৰিমাহ ধৰি প্ৰাপ্য দৰমহা আদায় নিদিয়াত কৰ্মচাৰীসকলে বিষোদগাৰ কৰিছে । অভিযোগ অনুসৰি, যি সময়ত শিপিনী আৰু কৰ্মচাৰীসকলে দৰমহাৰ বাবে হাহাকাৰ কৰাই নহয় শিপিনীসকলে আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলগীয়া হৈছে । তেনে সময়তে আৰ্টফেডৰ পৰিচালন সঞ্চালক পৰাগমণি মহন্ত‌ই কাৰ্যালয়ৰ অচিলাৰে চৰকাৰী ধন ব্যয় কৰি বিলাস ভ্ৰমণত ব্যস্ত থকা কাৰ্য‌ই শিপিনী কৰ্মচাৰীক হতাশ কৰি তুলিছে । আন এক অভিযোগ অনুসৰি, আৰ্টফেডৰ শুৱালকুছি সূতা ভঁৰাল পৰিচালনাৰ বাবে পৰিচালন সঞ্চালকে এখন পাঁচজনীয়া সমিতি গঠন কৰি দিছিল ।

শুৱালকুছিবাসী ৰাইজে কণা হাঁহে পতান পোৱাৰ দৰে ২০ শতাংশ ৰেহাই মূল্যত সূতা লাভ কৰিছিল । নিম্ন মানৰ পাত সূতা যোগানত বিগত তিনি বছৰৰ কোনো খাতিয়ান চৰকাৰে লাভ নকৰাত চৰকাৰে তদন্তৰ ঘোষণা কৰে । তদন্ত কমিটীত পূৰ্বৰ তিনিজন অভিযুক্ত আৰ্টফেডৰ কৰ্মচাৰীকে পুনৰ সদস্য কৰাত মুখ্যমন্ত্ৰীয়ে দিয়া তদন্ত যে বেবেৰিবাং হ’ব বুলি আশংকা প্রকাশিত হৈছে ।

তদুপৰি আৰ্টফেডৰ কাৰিকৰী দক্ষতা নোহোৱা আৰু অৰ্হতাহীন একাধিক কৰ্মচাৰীক পদোন্নতি দি আৰ্টফেডৰ কি উন্নতি কৰিব তাকো লৈ কৰ্মচাৰী সমাজ সন্দিহান হৈছে । সেয়ে ৰাজ্যৰ কৰ্মঠ মুখ্যমন্ত্ৰীজনক এই সমস্ত বিষয়ৰ ওপৰত আপত্তি দৰ্শাই শিপিনী কৰ্মচাৰীয়ে এক স্মাৰকপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ লগতে অনাদায় থকা দৰমহা মোকলাই দিবলৈ অনুৰোধসূচক দাবী জনাইছে ।

Exit mobile version