Rohingya Camp : ৰোহিংগা শিবিৰৰ আক্ৰমণত নিহত ছয়

bdb81f06 e840 4b7d a892

কক্সবজাৰৰ উখিয়াত ৰোহিংগা শৰণার্থী শিবিৰৰ এটা মাদ্রাছাত সোমাই এদল দুষ্কৃতীকাৰীয়ে গুলি চালনা কৰে আৰু চোকা অস্ত্রৰে ঘপিয়াই ছজনক হত্যা কৰে । গুৰুতৰভাৱে আহত এজনক স্থানীয় হাস্পাতালত ভর্তি কৰা হৈছে । নিহত সকলোৱেই সেই মাদ্রাছাৰ শিক্ষক বা ছাত্র । সম্প্রতি ৰোহিংগা নেতা আৰু পৰিচিত মানৱ অধিকাৰ কর্মী মহম্মদ মুহিবুল্লাক গুলি কৰি হত্যা কৰা হয় । পাকিস্তানৰ সহায়ত তৈয়াৰ কৰা ৰোহিংগা সন্ত্ৰাসবাদী সংগঠন ‘আৰছা’-ই এই হত্যা কৰিছে কয়  মহিবুল্লাৰ পৰিয়ালবৰ্গই । ইয়াৰ কেইমাহমানৰ পাছতে আজি পুৱাই ৰোহিংগা শিবিৰত বৃহৎ আক্ৰমণ ।

বাংলাদেশ আৰক্ষীয়ে জনাইছে, শুকুৰবাৰে পুৱা চাৰি বজাত এদল সশস্ত্র দুষ্কৃতীকাৰীয়ে উখিয়াৰ পালংখালি ইউনিয়নৰ ময়নাৰঘোনা শৰণার্থী শিবিৰৰ মাদ্রাছাটোত আক্ৰমণ চলায় । আক্রান্তসকল সেই সময়ত শো‌ই আছিল । কেইজনমানে পাছফালৰ দুৱাৰেদি পলায়ন কৰিবলৈ সক্ষম হয় যদিও চাৰিজনৰ ঘটনাস্থলীতেই মৃত্যু হয় । হাস্পাতালত লৈ যোৱাৰ পাছত আৰু দুজনৰ মৃত্যু হয় ।আক্রমণকাৰীসকলো ৰোহিংগা বুলি জনাইছে আৰক্ষীয়ে । ঘটনাৰ পাছত তালাচী চলাই এটা পিষ্টল আৰু চোকা অস্ত্রসহ এজন ৰোহিংগাক গ্রেপ্তাৰ কৰা হয় ।

আৰক্ষীৰ দাবী, কক্সবাজাৰত বিশ্বৰ বৃহত্তম শৰণার্থী শিবিৰত ১১ লাখ মানুহ আছে । যথেষ্ট নিৰাপত্তা থকা সত্ত্বেও এদল দুষ্কৃতীকাৰী ম্যানমাৰৰ সীমান্তত মাদক দ্ৰব্য আৰু অস্ত্রৰ চোৰাং বেহাত লিপ্ত । তেওঁলোকৰেই দুই গোষ্ঠীৰ ‌সংঘৰ্ষৰ ফলচ এই আক্রমণ— প্রাথমিকভাৱে এই কথাই জনাইছে আৰক্ষীয়ে । আগতেও ৰোহিংগা শিবিৰত সংঘর্ষ আৰু হত্যাৰ ঘটনা ঘটিছে । বৈদেশিকমন্ত্রী এ কে আব্দুল মোমেনে আজি জনাইছে, ৰোহিংগা শিবিৰত মাদক আৰু অস্ত্রৰ চোৰাং বেহা চৰকাৰৰ চিন্তাৰ বিষয় হৈ পৰিছে ।

ম্যানমাৰ সীমান্তত গুলি চালনা নকৰাৰ বিষয়ত বোজাপৰা থকাত সীমান্ত ৰক্ষীসকলে বহু সময়ত অসহায় হৈ পৰে । চোৰাং চিকাৰীসকলে সেই সুযোগ লয় । বৈদেশিকমন্ত্রীয়ে জনায়, ৰোহিংগা শিবিৰৰ আইনশৃংখলা পৰিস্থিতিক লৈ কালি এটা উচ্চপর্যায়ৰ বৈঠক হৈছে । বৈঠকত সিদ্ধান্ত লোৱা হয় যে, মাদক চোৰাং ব্যৱসায়ীসকলক বাধা দিবলৈ সীমান্তত গুলি চলোৱাৰ অনুমতি দিয়া হ’ব । তাৰ পাছতেই এই হত্যাকাণ্ড ।

উখিয়াৰ আৰক্ষীয়ে অৱশ্যে আশ্রয় শিবিৰত আৰছা সন্ত্ৰাসবাদীসকলৰ উপস্থিতি মানি নলয় । আৰক্ষীৰ দাবী, আৰছা-ৰ নাম লৈ দুর্বৃত্তসকলে নানা ধৰণৰ অপকর্ম কৰিছে । ইয়াৰ ভিতৰত মাদক, সোণ আৰু অস্ত্রৰ চোৰাং বেহা, ডকাইতি, অপহৰণৰ দৰে ঘটনাও আছে । এনে ধৰণৰ ১৪-১৫টা দুষ্কৃতীকাৰী গোষ্ঠী তাত তৎপৰ ।

Exit mobile version