ডিফলু চাহ বাগিচাত ব্যতিক্ৰমী অগ্নি পূজা

বোকাখাতৰ ডিফলু চাহ বাগিচাত শ্ৰীশ্ৰী মহা-মহী জানি ঊষা খুটি পূজা পালন কৰা হয় । এই পূজা উৰিয়া সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হয় । পূজাৰ সময় আছিল পুৱা তিনি বাজি ৪০ মিনিট । শংখ, কাহ, পৰম্পৰাগত বাদ্যৰে মুখৰিত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় ডিফলু চাহ বাগিচাত । এয়া এক ব্যতিক্ৰমী অগ্নি পূজা । ভক্তসকলে পৰম্পৰাগত নীতি অনুসৰি অগ্নিৰ আঙঠাৰ ওপৰেৰে খোজকাঢ়ে ।

উক্ত পূজাথলীত কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাও উপস্থিত থাকে । তেঁৱো ভক্তসকলৰ স’তে জুইৰ আঙঠাত খোজকাঢ়ে । তেওঁ কয়, ‘এয়া এক অনন্য অভিজ্ঞতা ।’

https://fb.watch/8QL92AtszZ/

মন্ত্ৰীজনে পূজাৰ আৰাধ্য গোসাঁইৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় আৰু ৰাইজৰ মংগল কামনা কৰে ।

Exit mobile version