সাধাৰণতে বজাৰৰ পৰা যেতিয়া আলু ক্ৰয় কৰা হয় তেতিয়া তাৰ মাজত কিছুমান সেউজীয়া ৰঙৰো আলু পোৱা যায় । বিষয়টো বহুতৰ দৃষ্টিগোচৰ হয় যদিও বিশেষ গুৰুত্ব প্ৰদান নকৰে । পিছে এনে ধৰণৰ আলু খালে শৰীৰৰ অপকাৰ বেছিকৈ হোৱাৰ আশংকা থাকে । জীৱ বিজ্ঞানীসকলৰ মতে, আলুৱে নিজেই ছোলানাইন নামৰ এবিধ বিষ উৎপন্ন কৰে কোনো ধৰণৰ পোক পৰুৱা জীৱাণুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে সেই বাবেই এনে ধৰণৰ বিষ উৎপন্ন কৰে ।
অৱশ্যে আলু যেতিয়া খাব পৰা অৱস্থাত থাকে তেতিয়া এইবিধ বিষ বেছি উৎপন্ন নহয় যেতিয়া বেছি দিন থকাৰ পাছত গজালি ওলাবলৈ ধৰে তেতিয়া এনে বিষ উৎপন্ন কৰিবলৈ ধৰে । বহুতে গজালি কাটি আলু খায় । জীৱ বিজ্ঞানীসকলে এনে ধৰণৰ আলু খাব নালাগে বুলি সতৰ্ক কৰি দিছে । কিয়নো আলুত থকা ছোলানাইন যদি সামান্য পৰিমাণেও শৰীৰৰত প্ৰৱেশ কৰে তেতিয়াহ’লে পেটৰ বিষ হ’ব পাৰে ।
আনহাতে, এনে কাৰণতে বহুতৰ আকৌ মূৰৰ বিষো হোৱা দেখা যায় । গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে যদিহে এনে ধৰণৰ বিষ বেছিকৈ শৰীৰৰত প্ৰৱেশ কৰে তেতিয়াহ’লে ক’মা পৰ্যায়লৈ গৈ আনকি মৃত্যু মুখতো পৰিব পাৰে । তদুপৰি এনে ধৰণৰ বিষ যদি সঘনাই শৰীৰৰত প্ৰৱেশ কৰি থাকে তেতিয়া স্নায়ুৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে । সেই বাবে এনে ধৰণৰ আলু বেছিকৈ মোখোৱাটোৱে মংগলজনক । আলু সদায় এন্ধাৰ আৰু শীতল ঠাইত সংৰক্ষণ কৰিলে সহজে গজালি মেলিব নোৱাৰে ।