আজমল হাত-ভৰি নোহোৱা মানুহ, অখিল গগৈ ভণ্ড দেশপ্ৰেমিক : কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য

WhatsApp Image 2021 10 25 at 7.20.37 PM

ভৱানীপুৰ বিধানসভা সমষ্টিৰ বাগসাৰ শালবাৰীত কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ দলৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই ৷ ভট্টাচাৰ্যই বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি ভাষণ প্ৰসংগত ভৱানীপুৰৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰক ঠগ, প্ৰতাৰক আৰু দালাল আখ্যা দিয়ে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ এগৰাকী ঠগ প্ৰতাৰক ব্যক্তি ।শ্বহীদৰ ত্যাগৰ মূল্যাংকন কৰিবলৈহে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসম গণ পৰিষদৰ জন্মদাতা । তেনে নেতাৰ মুখত নৈতিক অধিকাৰৰ কথা শোভা নাপায় ৷

এআইইউডিএফ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলকো চোকা সমালোচনা কৰি তেওঁ কয় যে, আজমল হাত-ভৰি নোহোৱা মানুহ। তেওঁ বিজেপিৰ বোকোচাত উঠি ব্যৱসায় চলাই আছে । কংগ্ৰেছে ৰাইজৰ সেৱাৰ কথা কয় আৰু আজমলে বেপাৰী, তেওঁ ব্যৱসায়ৰ কথা কয় ৷ অখিল গগৈ ভণ্ড দেশপ্ৰেমী। অসমৰ স্বয়ম্ভু নেতা ।‌ মিত্ৰতা বিচাৰি কংগ্ৰেছৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰা নেতা‌ বুলি মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই ৷

সভাখনত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, আব্দুল খালেক, জাকিৰ হুছেইন শিকদাৰ প্ৰমুখ্যে কে’বাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

Exit mobile version