দীপাৱলীত চীনা সামগ্ৰিক প্ৰত্যাহ্বান জনাবলৈ সাজো ঢেকিয়াজুলীৰ মৃৎশিল্পী

মৃৎশিল্পৰ প্ৰতি চৰকাৰৰ উদাসীনতাত ক্ষোভ শিল্পীসকলৰ

JointPics 20211025 160338

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন । দীপাৱলীত পোহৰেৰে উপচাই তোলাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৃৎশিল্পীসকলৰ ব্যাপক ব্যস্ততা । দীপাৱলীত চীনা সামগ্ৰী লাইট আদিক প্ৰত্যাহ্বান দিবলৈ থলুৱা শিল্পীসকলে লাখ লাখ মাটি চাকি তৈয়াৰ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে । সমান্তৰালকৈ ঢেকিয়াজুলিৰ আলিচিঙাৰ পাল গাঁৱৰ মৃৎশিল্পী নিৰঞ্জন পালে বিগত বছৰ সমূহৰ দৰেই চলিত বৰ্ষৰ দীপাৱলীত বিক্ৰীৰ বাবে কে’বালাখ মাটি চাকি তৈয়াৰ কৰিছে । চীনা সামগ্ৰিক প্ৰত্যাহ্বান দিবলৈ দিনে-নিশাই অতি কষ্টৰে মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত নিৰঞ্জন ।

উল্লেখ্য যে মৃৎপিল্পীজনে তৈয়াৰ কৰা মাটি চাকিয়ে প্ৰতি বছৰে শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ বজাৰৰ লগতে আন জিলাসমূহৰ দীপাৱলীৰ বজাৰ দখল কৰি আহিছে । ব্যৱসায়ীসকলে নিৰঞ্জনৰ পৰা হ’লছেলৰ দৰত মাটি চাকি ক্ৰয় কৰে । চৰকাৰে থলুৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও ৰাজ্যৰ অন্যতম থলুৱা উদ্যোগ মৃৎশিল্পক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৷ মৃৎশিল্পীসকলে বহু ঘাত-প্ৰতিঘাতৰ মাজত মৃৎশিল্প উদ্যোগটোক জীয়াই ৰাখিছে যদিও চৰকাৰৰ পৰা আজিকোপতি কোনো ধৰণৰ সাহায্য লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে এই গৰাকী মৃৎশিল্পীয়ে ৷

ক’ভিডৰ প্ৰভাৱত তেওঁলোকৰ এই থলুৱা উদ্যোগটোত প্ৰভাৱ পৰাত উপাৰ্জনো পূৰ্বতকৈ বহু হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে নিৰঞ্জনে ৷ ইফালে, দীপাৱলী আহিলেই মাটি চাকি তৈয়াৰ কৰাৰ অঘোষিত প্ৰতিযোগীতা চলে বৰছলা সমষ্টিৰ আন এখন এখন গাঁৱত ৷ বৰছলাৰ চিৰাজুলি পথাৰ পালগাঁৱত পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি যুৱতীসকলেও মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈছে ৷ গাঁওখনৰ ৬০শতাংশ লোকেই মৃৎশিল্পৰ স’তে জড়িত ৷ মৃৎশিল্পই তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ পথ ৷ সেয়ে দীপাৱলী আহিলেই গাঁওখনৰ লোকসকলৰ ব্যাপক ব্যস্ততা দেখা যায় ৷ প্ৰতি ঘৰতেই মাটি চাকি তৈয়াৰ কৰাত এক অঘোষিত প্ৰতিযোগিতা চলে দীপাৱলীৰ পূৰ্বে ৷

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থলুৱা সা-সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা পাছতেই মাটিৰ দ্বাৰা তৈয়াৰী সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে এইসকল মৃৎশিল্পীয়ে ৷ ফলত তেওঁলোকে এইবাৰ দীপাৱলীত পূৰ্বতকৈ অধিক মাটি চাকি বিক্ৰী কৰাৰ আশা কৰিছে ৷

গাঁওখনৰ মৃৎশিল্পী জীতেন পাল আৰু ৰীনাৰাণী পালে এই সন্দৰ্ভত কয়, ‘আমি বছৰ বছৰ ধৰি মৃৎশিল্পৰ স’তে জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আছো ৷’ চৰকাৰে থলুৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে যদিও মৃৎশিল্পৰ উদ্যোগটোক আগবঢ়াই লৈ যাবলৈ মৃৎশিল্পীসকলক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই । এক প্ৰকাৰ অসন্তুষ্টি প্ৰকাশ কৰি মৃৎশিল্পৰ স’তে জড়িত লোক সকলক সকাহ দিয়াৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আবেদন জনায় এইসকল শিল্পীয়ে ৷

Exit mobile version