পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ তুৰস্কও অন্তৰ্ভুক্ত হ’ল এফ এ টি এফৰ ধূসৰ তালিকাত

main fatf 1

ফাইনেন্সিয়েল একচন টাস্ক ফ’র্চ (এফ এ টি এফ)ৰ ধূসৰ তালিকাত থকা পাকিস্তানৰ বিপদ নাঁতৰা হৈছে। এইবাৰ পাকিস্তানৰ বন্ধু ৰাষ্ট্র তুৰস্ক এফ এ টি এফৰ ধূসৰ তালিকাভুক্ত হ’ল।

ইছলামিক স্টেট (আইছিছ) সহ একাধিক সন্ত্রাসবাদী সংগঠনক আর্থিক পৃষ্ঠপােষকতা প্রদানৰ অভিযােগ আছে তুৰস্কৰ বিৰুদ্ধে।

উল্লেখ্য যে তুৰস্কই পাকিস্তানক এফ এ টি এফৰ ধূসৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ যথেষ্ট চেষ্টা চলাইছিল। কিন্তু অৱশেষত কেৱল পাকিস্তানেই নহয়, তুৰস্কও এফ এ টি এফৰ ধূসৰ তালিকাভুক্ত হ’ল।

তদুপৰি মালি আৰু জর্দানকো সন্ত্রাসবাদীক পৃষ্ঠপােষকতা প্রদানৰ অভিযােগত ধূসৰ তালিকাভুক্ত কৰিলে এফ এ টি এফে। এফ এ টি এফৰ দাবী অনুসৰি, ৰাষ্ট্ৰসংঘৰ ঘােষিত সন্ত্রাসবাদী সংগঠন ইছলামিক স্টেট আৰু অল কায়দাক বিত্তীয় সাহায্য প্রদান কৰিছিল তুৰস্কই।

ইফালে, তুৰস্কই ধূসৰ তালিকাভুক্ত কৰাৰ পদক্ষেপক চক্রান্ত বুলি অভিহিত কৰিলে। ইউৰােপ আৰু পাশ্চাত্যৰ দেশসমূহৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰি তুৰস্কৰ গৃহমন্ত্রী চুলেমান ছলুৱে কয় যে এয়া সম্পূর্ণ এক ৰাজনৈতিক সিদ্ধান্ত।

‘আমি সন্ত্রাসৰ ভুক্তভােগী আৰু ইয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছাে। কিন্তু তেওঁলােকে তুৰস্কক দোষাৰােপ কৰিলে।’ ছলুৱে এইদৰে কয়

Exit mobile version