শান্তিপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াৰ উদ্দেশ্যে শালবাৰীত আৰক্ষী-চিআৰপিএফৰ ফ্লেগ মাৰ্ছ

WhatsApp Image 2021 10 25 at 7.20.40 PM

অহা ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচ সমষ্টিত হ’ব উপ নিৰ্বাচন ৷ এই উপ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে সমাপন হয়, ৰাইজে যাতে শংকামুক্তভাৱে ভোটদান কৰিব পাৰে সেই উদ্দেশ্যে আজি ভৱানীপুৰ সমষ্টিৰ শালবাৰী থানাৰ অন্তৰ্গত ভোটগ্ৰহণ কেন্দ্ৰত থকা অঞ্চলসমূহত শালবাৰী আৰক্ষী আৰু চিআৰপিএফে ফ্লেগ মাৰ্ছ কৰে ৷

শালবাৰী আৰক্ষীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত মোতায়েন কৰা চিআৰপিএফ বাহিনীক লগত লৈ শালবাৰীৰ পৰা ধুমাৰপথাৰ-চেংলীমাৰীলৈকে ৰাস্তাৰে সমদল কৰি আজি ফ্লেগ মাৰ্ছ কৰে‌ ৷ এই ফ্লেগ মাৰ্ছত ভাগ লয় আৰক্ষী-চিআৰপিএফৰ বিষয়াকে ধৰি প্ৰায় ডেৰ শতাধিক জোৱানে ৷

এই সন্দৰ্ভত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই কয়, “ৰাইজে যাতে ভয়-শংকামুক্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, কোনো অপশক্তিয়ে যাতে এই নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে শালবাৰী আৰক্ষী প্ৰস্তুত আছো ৷ আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে আমি নিৰ্বাচন হ’বলগীয়া অঞ্চলত চিআৰপিএফ লগত লৈ দিনে-ৰাতিয়ে ফ্লেগ মাৰ্ছ কৰি আছো ৷ ৰাইজক আমি আস্বস্ত কৰিব বিচাৰিছো যে কোনো শংকা নকৰাকৈ সকলোৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক, শান্তিপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবেই এই ফ্লেগ মাৰ্ছ ৷”

Exit mobile version