ভৱানীপুৰত নাথাকে কোনো ভোটৰ ব্যৱধান ।ভৱানীপুৰত বিপুল ভোটত জয়লাভ কৰিব বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ ভৱানীপুৰ সমষ্টিৰ শালবাৰীৰ আনন্দ বজাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আজি অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, ‘অন্য দলে সংখ্যালঘু, সংখ্যাগুৰুৰ ৰাজনীতি কৰে কিন্তু বিজেপিয়ে সেৱাৰ ৰাজনীতি কৰে ।ভৱানীপুৰ সমষ্টিত বিজেপিয়ে পাঁচ-১০ হেজাৰ সংখ্যালঘু ভোট লাভ কৰিব ৷কংগ্ৰেছে মৰুভূমিত মৰিচীকা দেখিছে । কংগ্ৰেছৰ নৃত্য-নাটিকাত ৰাইজে আৰু ভোল নাযায় ।বদৰুদ্দিন আজমলে নাজানে যে পদুম ফুল নপচে, পদুম ফুল শুকাই যায় ৷ তথাপি গোন্ধ নকমে ৷ ভৱানীপুৰৰ ৰাইজে সিদ্ধান্ত লৈছে ৷ এইবাৰ ফণীধৰ তালুকদাৰক ভোট দিয়াৰ বাবে সাজু হৈছে ৷’
বিজেপিৰ সভাপতিজনে লগতে কয়, ‘ভৱানীপুৰ সমষ্টিৰ ৰাস্তা-ঘাট জিলাপিৰ পেছৰ দৰে ৷ বিটিচি অঞ্চলত চাউল মাক-দেউতাকেহে পায় ৷ ল’ৰাই নাপায় ৷ এতিয়া সকলোৱে পাব ৷ কংগ্ৰেছে মূল্যবৃদ্ধিৰ কথা কোৱা ভূতৰ মুখত ৰামনাম শুনা একে কথা ৷ পদুম ফুলৰ কথা বদৰুদ্দিন আজমলে কি বুজি পাব ৷ পদুম ফুল ৰাষ্ট্ৰ ভক্তি, দেশভক্তিৰ কাৰণে লাগে, তলাটো ক’তো নালাগে ৷’
তেওঁ কয়, ‘বিকশিত অসম, বিকশিত ভৱানীপুৰ গঢ়িবলৈ আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ হ’বলৈ বিজেপিক ভোট দিব লাগিব ৷ স্বাস্থ্যৰ পৰা অন্ন লৈকে গুৰুত্ব দিয়া চৰকাৰখনেই হৈছে মোডী চৰকাৰ ৷ এশ কোটি জনতাক বিনামূলীয়া ভেকচিন দিছে মোডীয়ে ৷ বিজেপি চৰকাৰ জনতাৰ সেৱাৰ বাবে, দুৰ্নীতিৰ বাবে নহয় ৷ ২০২৬ৰ ভিতৰত ভৱানীপুৰত কোনো কেচা ৰাস্তা নাথাকিব ৷’
একেখন সভাতে অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে কয়, ‘আমাৰ ৰাইজলৈ মেছেজ এটাই সেইয়া হ’ল উন্নয়ন ৷ কেৱল উন্নয়ন ৷ মুখ্যমন্ত্ৰীয়ে সকলো কথাই স্পষ্টভাৱে কৈছে ৷ যোৱা পাঁচটা মাহত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে যি পদক্ষেপ লৈছে সেয়া বলিষ্ঠ পদক্ষেপ ৷ এইবেলি ভৱানীপুৰৰ ৰাইজে বিজেপিক ভোট দিয়ক আৰু ভিন্ন সমস্যাৰ পৰা সমষ্টিবাসী মুক্ত হওক ৷ অসম জাতীয় পৰিষদে বিগত নিৰ্বাচনত যি ফল দেখুওৱালে সেয়া ৰাইজে দেখিছেই ৷ এইবেলি পাঁচোটা সমষ্টিতে বিজেপি বিপুল ভোটত জয়ী হ’ব ৷ আমাক আশীৰ্বাদ দিয়ক আমি তাৰ বিনিময়ত উন্নয়ন কৰিম ৷’
ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলা মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহিলা মৰ্চাৰ সভানেত্ৰী ধীৰুমণি ৰয়ে ৷ সভাত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন বিধায়ক গুণীন দাস, মলয়া বৰ্মন, ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।






























