Goa : অনুমতি দিয়ো গোৱাত বাতিল ‘জনতাৰ চার্জশ্বিট, বিজেপি চৰকাৰক লক্ষ্য তৃণমূলৰ

1635161169 mamata goa

ত্রিপুৰাৰ পাছত এইবাৰ গোৱাত । পুনৰ তৃণমূলৰ কার্যসূচীৰ অনুমতি বাতিলৰ অভিযোগ বিজেপি পৰিচালিত এখন ৰাজ্যৰ প্রশাসনৰ বিৰুদ্ধে । তৃণমূলৰ অভিযোগ, পশ্চিম ভাৰতৰ সেই ৰাজ্যখনৰ প্রশাসনে তৃণমূলৰ ‘জনতাৰ চার্জশ্বিট প্রকাশ’ কার্যসূচীৰ অনুমতি দিয়ো বাতিল কৰিছে ।

তৃণমূলনেত্রী মমতা বন্দ্যোপাধ্যায়ৰ চৰকাৰী টুইটাৰ হেণ্ডেলত দাবী কৰা হৈছে । চাৰিদিন আগতেই ‘জনতাৰ চার্জশ্বিট’ কার্যসূচী পালনৰ বাবে প্রয়োজনীয় অনুমতি লোৱা হৈছিল । সোমবাৰে সন্ধিয়া এই কার্যসূচীৰ আয়োজনো কৰা হৈছিল । কিন্তু শেষ মুহূর্তত হঠাৎ আইনশৃংখলা পৰিস্থিতিৰ অজুহাত দেখুৱাই বাতিল কৰা হয় ।

টুইটাৰত লিখা হয়, ‘তৃণমূলৰ প্রতি মানুহৰ ভালপোৱা দেখি গোৱাৰ চৰকাৰ সম্ভৱত বিচলিত হৈ পৰিছে । উল্লেখ্য, যোৱা মাহত বিজেপি পৰিচালিত ত্রিপুৰা চৰকাৰৰ বিৰুদ্ধেও তৃণমূলৰ সর্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দ্যোপাধ্যায়ৰ কার্যসূচীৰ অনুমতি দি প্রত্যাহাৰৰ অভিযোগ উত্থাপিত হৈছিল ।

বৃহস্পতিবাৰে (২৮ অক্টোবৰ) গোৱা ভ্ৰমণত যাব মমতা । ইয়াৰ পূৰ্বে এই অনুমতি বাতিলৰ ঘটনাই নতুন মাত্রা পাইছে সেই ৰাজ্যৰ ৰাজনীতিত । নীলবাৰীৰ যুঁজত বিপুল জয়ৰ পাছত অন্য কেইখনমান ৰাজ্যত ‘লক্ষ্য’ কৰিছে তৃণমূলে । সেই তালিকাৰ প্রথমত আছে ত্রিপুৰা আৰু গোৱা । যোৱা মাউ কংগ্রেছ ত্যাগ কৰি তৃণমূলত যোগ দিছিল গোৱাৰ প্রাক্তন মুখ্যমন্ত্রী লুইজিনহো ফেলেইৰ’ই । ইয়ৰ পাছত কংগ্রেছ-সহ বিভিন্ন দল ত্যাগ কৰি তৃণমূলত যোগ দিছে একাধিক ৰাজনৈতিক আৰু অৰাজনৈতিক ব্যক্তিত্ব‌ই । পূজাৰ মাজতেই গোৱাত দফতৰো মুকলি কৰিছে তৃণমূলে ।

Exit mobile version