Jagdeep Dhankhar : মেলেৰিয়াত আক্রান্ত হৈ দিল্লী এইমছত চিকিৎসাধীন ৰাজ্যপাল জগদীপ ধনখড়

মেলেৰিয়াত আক্রান্ত ৰাজ্যপাল জগদীপ ধনখড়ক দিল্লী এইমছত ভর্তি কৰা হৈছে । দেওবাৰে ৰাজ্যপালৰ মেলেৰিয়া আক্রান্ত হোৱাৰ খবৰ প্রকাশ্যত আহে । সূত্রৰ খবৰ, সোমবাৰে তেওঁৰ জ্বৰ বঢ়াত তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় ।

উৎসৱৰ সময়ত ছুটি কটাবলৈ উত্তৰবংগত গৈছিল ধনখড় । তিনিদিন আগতে তাৰ পৰা বাগডোগৰা বিমানবন্দৰ হৈ তেওঁ ছোজা দিল্লীলৈ যায় । সূত্রৰ খবৰ, তেতিয়াও তেওঁ সুস্থ আছিল । শুকুৰবাৰে হঠাৎ জ্বৰ উঠাত চিকিৎসকৰ পৰামর্শ মৰ্মে তেওঁৰ তেজ পৰীক্ষা কৰা হয় । তেওঁৰ তেজত মেলেৰিয়াৰ সংক্রমণ ধৰা পৰে । দেওবাৰ পর্যন্ত দিল্লীৰ বংগভৱনতেই চিকিৎসা চলিছিল ৰাজ্যপালৰ । দেওবাৰে তেওঁক স্থানান্তৰ কৰা হয় ।

সপ্তমীৰ দিনাখন সস্ত্রীক পাহাৰত গৈছিল ৰাজ্যপাল । যোৱা মঙলবাৰে স্ত্রীৰ স’তে তেওঁক টয় ট্রেইনত দেখিবলৈ পোৱা যায় । ষ্টিম ইঞ্জিনত দার্জিলিঙৰ পৰা বাতাছিয়ালুপ, ঘুম পর্যন্ত গৈছিল তেওঁ ।

Exit mobile version