Sudan : ছুদানত সেনা অভ্যুত্থান, প্রধানমন্ত্রীসহ চৰকাৰী প্রতিনিধিসকলক গৃহবন্দী কৰিলে সেনাবাহিনীয়ে

116372 000 9PT69V 1634974696705

দুবছৰ আগতে এক সেনা অভ্যুত্থানত গদিচ্যুত হৈছিল ছুদানৰ প্রাক্তন ৰাষ্ট্ৰপতি ওমৰ আল বছিৰ । সেনাবাহিনী আৰু গণতন্ত্রপন্থী ৰাজনৈতিক দলবোৰৰ প্রতিনিধিসকলক লৈ গঠন হৈছিল আফ্রিকাৰ দেশখনৰ অন্তর্বর্তিকালীন চৰকাৰ । দুবছৰ পাছত সেই চৰকাৰকো উৎখাত কৰা হ’ল । দেওবাৰে পুৱতি নিশা ছুদানৰ প্রধানমন্ত্রী আবদাল্লা হামদকক গ্রেপ্তাৰ কৰি বন্দী কৰিলে ছুদানৰ সেনাবাহিনীয়ে ।

ঠিক দুবছৰ আগতে যেনেদৰে বছিৰক বন্দী কৰা হৈছিল দেওবাৰে সেইদৰেই গ্রেপ্তাৰ কৰা হয় ছুদানৰ অন্তর্বর্তী চৰকাৰৰ অন্যান্য প্রতিনিধিসকলকো । এই বিষয়ত সেনাবাহিনীৰ তৰফৰ পৰা কিছু কোৱা হয় যদিও ছুদানৰ তথ্য মন্ত্রণালয়ে এটা ফেচবুক প’ষ্টত জনাইছে, দেওবাৰে নিশা ছুদানৰ প্রধান চহৰ ওমদুৰমান ঘেৰাও কৰে যৌথ সেনাবাহিনীয়ে । হামদকসহ অন্য নেতাসকলকো গ্রেপ্তাৰ কৰি তেওঁলোকে অজান অঞ্চলত বন্দী কৰি ৰাখিছে ।

ছুদানত নতুন চৰকাৰ আৰু সেনাবাহিনীৰ গঠন হোৱা নাছিল অন্তর্বর্তিকালীন শাসন পৰিষদ গঠনৰ পাছৰ পৰাই । মতান্তৰ ইমান বাঢ়ি যাব যে বছিৰক উৎখাত কৰাৰ দুবছৰৰ ভিতৰতে ছুদানত আৰু এটা সেনা অভ্যুত্থান হ’ব, সেইটো অনুমান কৰিব পৰা নাছিল । ছুদানৰ তথ্য মন্ত্রণালয়ে তেওঁলোকৰ ফেচবুক প’ষ্টত জনাইছে, এই অভ্যুত্থান প্রকাশ্যত সমর্থন কৰাৰ বাবে চাপ দিয়া হৈছিল প্রধানমন্ত্রী হামদকক । কিন্তু তেওঁ স্বীকাৰ নকৰে । বৰঞ্চ হামদকে দেশৰ মানুহক অনুৰোধ কৰে, তেওঁলোকে যেন শান্তিপূর্ণভাৱে এই অভ্যুত্থানক প্রতিহত কৰে ।

অভ্যুত্থানৰ খবৰ প্রকাশ্যত অহাৰ পাছতে সোমবাৰে পুৱাৰ পৰাই ছুদানৰ ৰাজধানী চহৰ খার্তুমৰ পথত নামিছে গণতন্ত্রপন্থীসকল । ৰাজপথত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে তেওঁলোকে । পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ ৰাজধানী চহৰৰ সর্বত্র সেনা আৰু অৰ্ধধাসেনাবাহিনী মোতায়েন কৰা হৈছে । বিমানবন্দৰো বন্ধ কৰা হৈছে । ছুদানৰ সেনা অভ্যুত্থানৰ ঘটনাত আমেৰিকায়ো উদ্বেগ প্ৰকাশ কৰিছে । তেওঁলোকে জনাইছে, পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে তেওঁলোকে ।

Exit mobile version