এই ধৰাত মহামাৰীৰ তেতিয়াহে সমাপ্ত হ’ব,যেতিয়া বিশ্বই কৰ’নাক সমাপ্ত কৰিব বিচাৰিব

'হু'ৰ মুৰব্বীয়ে সকীয়ালে : পৃথিৱীৰ পৰা মহামাৰীয়ে বিদায় লোৱা নাই

HEALTH SPORT WHO 9 1635133281718 1635133300329

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী ড্রাছ এধহেনাম ঘেব্রেয়েছেছে কৰ’না মহামাৰী সন্দৰ্ভত আকৌ এবাৰ বিশ্ববাসীক সকীয়নি দিলে।

(হু)ৰ মুৰব্বীজনে কয় যে কৰ’না মহামাৰীয়ে এতিয়াও বিশ্বৰ পৰা বিদায় লােৱা নাই আৰু সেয়েহে সকলাে নাগৰিকে এতিয়াও সাৱধানতা বৰ্তাই ৰখাটো জৰুৰী হৈছে।

এই সংকটৰ পৰা ৰক্ষা লাভৰ বাবে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাক সঠিকভাৱে ব্যৱহাৰ কৰাটো জৰুৰী বুলিও ঘেব্রেয়েছেছে মন্তব্য কৰে।

হুৰ মুৰব্বীয়ে লগতে কয় যে এই মহামাৰীৰ তেতিয়াহে সমাপ্ত হ’ব, যেতিয়া বিশ্বই কৰ’নাক সমাপ্ত কৰিব বিচাৰিব। ‘এয়া আমাৰ হাততে আছে।

আমাৰ হাতত সেই সকলােবােৰ উপকৰণ আছে, যিসমূহৰ আমাক প্রয়ােজন। কিন্তু সমস্যাটো হৈছে বিশ্বই এই উপকৰণসমূহক সঠিকভাৱে ব্যৱহাৰ কৰা নাই। কৰ’নাই পৃথিৱীৰ পৰা বিদায় লােৱা নাই।

এই মহামাৰীয়ে তেতিয়াহে বিদায় ল’ব যেতিয়া আমি ইয়াক বিদায় দিম। অর্থাৎ ক’ভিডৰ সংক্রমণ হ্রাস-বৃদ্ধি বৰ্তমানৰ পৰিস্থিতিত আমাৰ হাততে নিৰ্ভৰ কৰিছে।

বিশ্বৰ সকলাে দেশে কৰ’নাৰ সংক্ৰমণৰ প্ৰতি সম্পূর্ণ সতর্কতা অৱলম্বনৰে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে আৰু ক’ভিড বিধি পালন কৰিলে নিশ্চিতভাৱে এই মহামাৰীয়ে ধৰাৰ পৰা বিদায় ল’ব।’

ঘেব্রেয়েছেছে বার্লিনত বিশ্ব স্বাস্থ্য সন্মিলনত অংশ লৈ কৰ’না সন্দৰ্ভত আকৌ এবাৰ বিশ্ববাসীক এইদৰে সকীয়ালে।

Exit mobile version