কেৱল বন মানচিত্রতে আবদ্ধ

বনাঞ্চলৰ বেদখলকাৰীৰ বাবেও ৰূপায়ণ চৰকাৰী আঁচনি, অস্তিত্বহীন কোচমৰা সংৰক্ষিত বনাঞ্চলত বেদখল

Screenshot 221

ৰাজ্য চৰকাৰৰ বন বিভাগৰ অৱহেলাৰ ফলত এসময়ৰ সেউজ অৰণ্যাবৃত কোচমৰা সংৰক্ষিত বনাঞ্চলখন নিচ্ছিন্ন হৈছে। কেৱল ৰাজ্যৰ বন মানচিত্রতে কোচমৰা সংৰক্ষিত বনাঞ্চল বুলি উল্লেখ থাকিলেও বাস্তৱ ক্ষেত্ৰত ইয়াৰ কোনাে অস্তিত্ব নাই।

এতিয়া এসময়ৰ সেউজ অৰণ্যাবৃত বনাঞ্চলখনৰ গৰাকী হৈছে হেজাৰ হেজাৰ বেদখলকাৰীহে। এসময়ত শিশু, গমাৰি, চেগুন আদি গছ-গছনিৰে সমৃদ্ধ বনাঞ্চলখন গঁড়, বাঘ, হাতী, বনৰীয়া ম’হ, হৰিণা, পহু, নলগাহৰি প্ৰমুখ্যে বহু বন্যপ্রাণীৰ আৱাসস্থলী আছিল।

বেদখলকাৰীয়ে বনাঞ্চলখনক জনাঞ্চললৈ পর্যবসিত কৰাত এতিয়া তাত এজোপাও নাই চেগুন, শিশু, গমাৰি আদি মূল্যবান গছ। নাই তাত এটাও বন্যপ্রাণী। বনাঞ্চলখনত এতিয়া আছে অসংখ্য বস্তি আৰু বাসগৃহ।

এসময়ত পশ্চিম অসম বন সংমণ্ডল (তেজপুৰ)ৰ অন্তর্ভুক্ত আৰু সম্প্রতি নগাঁও বন্যপ্রাণী সংমণ্ডলৰ অধীনস্থ এই কোচমৰা সংৰক্ষিত বনাঞ্চলখন নগাঁও আৰু শােণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত থকা কান্ধুলিমাৰী, তিনতিকীয়া, গৰুখুঁটি, ৰাণীটাপু, কোচমৰা, কুট্টামাৰী, পংৰে, বিচ্ছে, ৰামদাস চৰ, ভকতে পানী খােৱা ঘাট, গােলােক চৰ ডােৱৰামাৰী, খাবেদ চৰ, চৰ্দাৰ টাপু, লহৰীয়া চৰ, মুছলিম চৰ, শিয়াল চৰ, বিশবালি, গাইটাপু, কালা চৰ, আবেদৰ চৰ, কোখৰে, বুটমাৰী প্ৰমুখ্যে চৰসমূহক লৈ গঠিত হৈছিল।

বনাঞ্চলখনৰ মুঠ মাটিকালি আছিল ২১.৫৫ বর্গ কিলােমিটাৰ।১৯৭৮-৭৯তেই ৰাজ্যিক বন মানচিত্ৰত অন্তর্ভুক্ত হৈছিল কোচমৰা সংৰক্ষিত বনাঞ্চল। ৮০ৰ দশক পর্যন্ত কোচমৰা সংৰক্ষিত বনাঞ্চলৰ কোচমৰাত এটা বীট অফিচ, গাইটাপুত এটা বনৰক্ষী শিবিৰ, চৰ্দাৰটাপু, তিনতিকীয়া আৰু বুটমাৰীত একোটাকৈ ফৰেষ্ট কেম্প আছিল।

পৰৱৰ্তী সময়ত ফৰেষ্ট কেম্পকেইটা উঠি যায় যদিও কোচমৰাত বীট অফিচটো ১৯৯৮-৯৯লৈকে আছিল। উল্লেখ্য যে ১৯৮৩ৰ আগলৈকে কোচমৰা সংৰক্ষিত বনাঞ্চলত শিশু, চেগুন, গমাৰি, মূল্যৱান গছ-গছনি, ঝাও, নল, খাগৰি, ইকৰা, মজুৱা, ছন খেৰৰে ঠাই খাই আছিল।

বাঘ, গড়, হাতী, বনৰীয়া ম’হ, নল গাহৰি, হৰিণা, অন্য পহুও আছিল যথেষ্ট সংখ্যক। তদুপৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন সুতি, বনাঞ্চলখনৰ ভিতৰৰ বিভিন্ন জলাশয়সমূহ ঘিলা হাঁহ, দেওহাঁহ, শৰালি হাঁহ, ধৃতৰাজ, ৰামকোম, শামুকভাঙা, কামচৰাই আদিয়ে শুৱনি কৰিছিল।

শীতৰ আগমনৰ লগে লগে বনাঞ্চলখনৰ সুতি, জলাশয়সমূহলৈ বিভিন্ন দেশী-বিদেশী পৰিব্রাজক চৰাইৰ আগমন ঘটিছিল। ১৯৮৩ৰ আগলৈকে কোচমৰা সংৰক্ষিত বনাঞ্চলত বেদখল ব্যাপক হাৰত হােৱা নাছিল। ১৯৮০ৰ আগলৈকে বনাঞ্চলখনত জনবসতি আছিল মাত্র ১৫০জন তাকে সম্পূর্ণ অস্থায়ী ৰূপত।

ইয়াৰে ৬০টা আছিল মহৰ খুঁটি। বন কর্তৃপক্ষৰ অনুমতি লৈ স্থাপন কৰা খুঁটিকেইটাৰ ভিতৰত তিনিটা থলুৱা অসমীয়া লােকৰ, দুটা বিহাৰী লােকৰ আৰু বাকীকেইটা নেপালী সম্প্রদায়ৰ লােকৰ আছিল। ১৯৮০ৰ পৰা ১৯৯৮ৰ সময়ছােৱাৰ ভিতৰত কোচমৰা সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত বেদখল আৰম্ভ হয়। আৰম্ভ হয় বনধ্বংস যজ্ঞ আৰু বন্যপ্রাণী নিধনাে।

সেই সময়ত বনাঞ্চলখন পশ্চিম অসম বন সংমণ্ডল (তেজপুৰৰ অধীনস্থ আছিল। প্রথমাৱস্থাত বেদখল কৰাসকলে বেদখলীকৃত ভূমি আন একাংশ লােকক দুহেজাৰ-তিনি হেজাৰ টকাকৈ লৈ হস্তান্তৰ কৰে।

উত্থাপিত অভিযােগ মতে, পৰৱৰ্তী সময়ত কোচমৰা সংৰক্ষিত বনাঞ্চলৰ একাংশ বন বিষয়া আৰু বনকর্মীয়েও হেজাৰ হেজাৰ টকা লৈ বনাঞ্চলৰ ভূমি বিক্ৰী কৰিছিল। বেদখলকাৰীসকলে প্রথমাৱস্থাত অস্থায়ীভাৱে সৰু সৰু জুপুৰি সাজি লৈ তাতে থাকি বেদখলীকৃত ভূমিত খেতি-বাতি কৰিছিল; কিন্তু পাছলৈ কোচমৰাৰ চৰকাৰী ভূমিত চকু পৰে একাংশ মাতব্বৰ আৰু সশস্ত্র চর্দাৰৰ।

বেদখলকাৰীসকলে বনাঞ্চলৰ গছ-গছনিসমূহে কাটি খাস্তাং কৰে। বনাঞ্চলখনত এতিয়া সশস্ত্র মাতব্বৰ আৰু চৰ্দাৰৰ প্রভুত্ব বিৰাজমান। তেওঁলােকৰ আয়ত্তত বনাঞ্চলখনৰ সৰহখিনি মাটি আছে। বেদখলীকৃত ভূমি চামে চামে বিক্রীও কৰিছে লাখ লাখ টকাত।

তদুপৰি বহু মাটি আনক খেতি কৰিবলৈ দি কৰ-কাটল পর্যন্ত আদায় কৰে। চৰকাৰী কাগজে-কলমে কোচমৰা এতিয়াও সংৰক্ষিত বনাঞ্চল হৈ আছে। কোচমৰা সংৰক্ষিত বনাঞ্চলৰ মানচিত্ৰৰ অন্তর্ভুক্ত চৰসমূহ এতিয়া ঘন জনবসতিপূর্ণ জনাঞ্চললৈ পর্যবসিত হ’ল।

যত গঢ়ি উঠিল চৰকাৰী স্কুল, অংগনৱাড়ী কেন্দ্র। ইয়াতে ৰূপায়ণ হৈছে পঞ্চায়তৰ লাখ লাখ টকাৰ আঁচনি। কেৱল কোচমৰা সংৰক্ষিত বনাঞ্চলেই নহয়, অবিভক্ত নগাঁও জিলাৰ তিনিটা বন সংমণ্ডলৰ অধীনস্থ মুঠ ১২খন সংৰক্ষিত বনাঞ্চল আৰু দুখন অভয়াৰণ্যৰ প্রায় ১৮ হেজাৰ হেক্টৰ মাটি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে।

এশ শতাংশই বেদখলকাৰীৰ কবলত পৰিছে নগাঁও বন সংমণ্ডল (টেটিৰিয়েল)ৰ অধীনস্থ আন এখন সংৰক্ষিত বনাঞ্চল জুকুতা। উল্লেখ্য যে দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনস্থ লামডিং সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটিকালি ২৫,২৪৫ হেক্টৰ যদিও ইয়াৰে ১,০৬৪ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰিছে। আনহাতে, ১১,১৩৩ হেক্টৰ মাটিকালিৰ কাকী সংৰক্ষিত বনাঞ্চলৰ ৯,৭০০ হেক্টৰ, ৭,৮৫৯ হে মাটিকালিৰ ডবকা সংৰক্ষিত বনাঞ্চলৰ ৩০ হেক্টৰ মাটি, ১,৪৫৬ হেক্টৰ মাটিকালিৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ১,২৭৮ হেক্টৰ মাটি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে।

একেদৰে নগাঁও বন সংমণ্ডলৰ (টেৰিটৰিয়েল)ৰ অধীনস্থ ৩,১৭৩ হেক্টৰ মাটিকালিৰ বৰপানী সংৰক্ষিত বনাঞ্চলৰ ২,২১২ হেক্টৰ মাটি, ২,২২৬ হেক্টৰ মাটিকালিৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ ১,২৫০ হেক্টৰ মাটি, ১৩৯ হেক্টৰ মাটিকালিৰ জুকুতা সংৰক্ষিত বনাঞ্চলৰ এশ শতাংশ ভূমি, ১৬৬ হেক্টৰ মাটিকালিৰ পিলখানা সংৰক্ষিত বনাঞ্চলৰ ৪৪ হেক্টৰ মাটি, ৬,০৪৭ হেক্টৰ মাটিকালিৰ খােলাহাট সংৰক্ষিত বনাঞ্চলৰ ৩.৫০ হেক্টৰ মাটি, ৫,২৯৪ হেক্টৰ মাটিকালিৰ সােণাইকুছি সংৰক্ষিত বনাঞ্চলৰ ৮.৫০ হে মাটি আৰু ৬৪ হেক্টৰ মাটিকালিৰ মাধৱপাৰা (প্রস্তাৱিত) সংৰক্ষিত বনাঞ্চলৰ ৩২ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰিছে।

ইপিনে, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ অধীনস্থ লাওখােৱা অভয়াৰণ্যৰ মাটিকালি ৭০.০১ বর্গ কিলােমিটাৰ যদিও অভয়াৰণ্যখনৰ ১৩৫ হে।মাটি বেদখলকাৰীৰ কবলত পৰিছে। একেদৰে বুঢ়াচাপৰি অভয়াৰণ্যৰ মুঠ মাটিকালি ৪৪.০৬ বর্গ কিলােমিটাৰ যদিও ইয়াৰ ৪২৩ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰিছে।

Exit mobile version