বেংগালুৰুৰ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ অনুৰোধ মুখ্যমন্ত্ৰীক, ধন দিবলৈও ইচ্ছুক সাত বছৰীয়া কন্যাৰ

উপনির্বাচনৰ বাবে উত্তৰ কর্ণাটকত প্রচাৰ বোম্মাইৰ

1002513 karnatakagirl

উপনিৰ্বাচনৰ বাবে উত্তৰ কর্ণাটকত প্রচাৰ চলাইছে বাছভৰাজ বোম্মাইয়ে । বোম্মাইসহ সম্পূৰ্ণ চৰকাৰে সৰু কন্যাটিয়ে প্ৰেৰণ কৰা এই ভিডিঅ’টোৰ কি প্রতিক্রিয়া দিয়ে সেয়া এতিয়াও জানিব পৰা নাই । কর্ণাটক উচ্চ ন্যায়ালয়ে চহৰৰ গাঁতৰ কথা উল্লেখ কৰিছে আৰু বেংগালুৰুৰ পথৰ গাঁতবোৰ ভৰাবলৈ চৰকাৰক দুটা সময়সীমা দিছে ।

বেংগালুৰুত এক সাত বছৰীয়া কন্যাই কর্ণাটকৰ মুখ্যমন্ত্রী বাছভৰাজ বোম্মাইৰ বাবে এটা ভিডিঅ’ বার্তা ৰেকর্ড কৰিছে য’ত সেই চহৰৰ পছৰ গাঁতবোৰ ঠিক কৰাৰ আবেদন জনাইছে । তুমাকুৰুৰ টিপটুৰৰ দ্বিতীয় শ্রেণীৰ ছাত্রী ধাভানি এন, পথৰ গাঁতবোৰ ভৰাবলৈ তাইৰ নিজৰ টকাও দিব বিচাৰিছে । ধাভানিৰ মুখ্যমন্ত্রীলৈ এই অনুৰোধৰ ঠিক দুবছৰ আগতে তাইৰ মাতৃৰ এনেকুৱাই এটা গাঁতত দুর্ঘটনাত ভৰি ভাঙে ।

মুখ্যমন্ত্ৰী বোম্মাইক ‘টাটা’ (কন্নড় ভাষাত দাদু) বুলি সম্বোধন কৰি, কন্যাটিয়ে ব্যাখ্যা কৰে যে বেংগালুৰুৰ পথবোৰৰ অৱস্থা শোচনীয় সেইবোৰত গাঁত আছে । “দয়া কৰি এই গাঁতবোৰ মেৰামতি কৰক । এইবোৰ শোচনীয় হৈ পৰিছে । বহু লোকে প্রাণ হেৰুৱাইছে । তেওঁলোকৰ পৰিয়াল অভিভাৱকহীন হৈ পৰিছে । কোনে তেওঁলোকৰ পৰিয়ালৰ চোৱা-চিতা কৰিব ?” ভিডিঅ’ত শিশুটিয়ে মুখ্যমন্ত্ৰীক এই প্রশ্ন কৰে ।

এল. ধাভানিৰ ১.১৩ মিনিটৰ ভিডিঅ’টো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বিভিন্ন ব্যক্তি আৰু সংস্থাবোৰে তাইৰ সামাজিক বিষয়ত উদ্বেগৰ বাবে প্রশংসাও কৰিছে ।

ধাভানিয়ে ব্যাখ্যা কৰিছে যে তাই ভিডিঅ’টো তৈয়াৰ কৰিছে কাৰণ তাই বহুবাৰ এনে ধৰণৰ গাঁতৰ বাবে বাইকৰ পৰা পৰিছে আৰু লাইব্রেৰিত সংবাদপত্র পঢ়াৰ সময়ত, তাই জানিব পাৰে যে গাঁতৰ বাবে বহুতে প্রাণ হেৰুৱাইছে । চৰকাৰে সঁহাৰি নিদিলে কি হ’ব ? এই প্রশ্নৰ উত্তৰত ধাভানিয়ে কয় যে, তাই নিজেই এটাৰ পাছত এটা গাঁত ভৰা কাম আৰম্ভ কৰিব ।

হেগনাহাল্লিৰ এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ধাভানিয়ে এই ভিডিঅ’টো নিজেই ৰেকৰ্ড কৰিছে । ধভানি এজনী মেমৰী কিড্‌ যাৰ নামত অনেক ৰেকর্ড আছে । ধাভানি বহু কথা পর্যবেক্ষণ কৰে যিটো আমি লক্ষ্য কৰিবলৈ ব্যর্থ । বিগত বৰ্ষত ম‌ই এটা গাঁতৰ বাবে দুর্ঘটনাৰ সন্মুখীন হৈছিলো আৰু মোৰ ভৰি ভাঙি গৈছিল । ধাভানিয়ে সেইটো মনত ৰাখি সেই ঘটনাক চহৰৰ গাঁতৰ বাবে মৃত্যুৰ ঘটনাবোৰৰ স’তে সম্পর্কিত কৰিছে বুলি জনাইছে ধাভানিৰ মাতৃয়ে ।

Exit mobile version