মহানগৰীত শোৱাপাটীতে চোকা অস্ত্ৰৰে নৃশংস ভাবে হত্যা বৃদ্ধ দম্পতী

0ff27abe 9aa8 4b72 a198 ace691c3b381

মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতী হত্যা দুৰ্বৃত্তৰ। শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ দম্পতীক।

হত্যাকাণ্ডটো ডকাইতৰ দলে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)।

বৃদ্ধ দম্পতিৰ আলধৰাজন বৰ্তমান আৰক্ষীৰ জিন্মাত।আলধৰা জনৰ নাম আকাশ চৌধুৰী। আকাশৰ লগতে তেওঁৰ পত্নীও আৰক্ষীৰ জিন্মাত।

Exit mobile version