মুখ্যমন্ত্রী সবন্তৰ পদত্যাগ বিচাৰি ৰাজ্যপালৰ দ্বাৰস্থ, গোৱাত চাপ বৃদ্ধি কৰিছে তৃণমূলে

1635234647 goa tmc

গোৱাত মুখ্যমন্ত্রী প্রমোদ সবন্তৰ পদত্যাগ বিচাৰি চাপ বৃদ্ধি কৰিলে তৃণমূলে । মঙলবাৰে পুৱা গোৱাৰ ৰাজ্যপাল শ্রীধৰণ পিল্লাইৰ স’তে দেখা কৰে তৃণমূল নেতাসকলে । দুর্নীতিৰ অভিযোগত মুখ্যমন্ত্রী সবন্তক বৰ্খাস্তৰ দাবী জনাই তেওঁক স্মাৰকলিপি দিয়ে লুইজিনহো, সৌগত ৰায়ে ।

সম্প্রতি এটা সাক্ষাৎকাৰত গোৱাৰ বর্তমান মুখ্যমন্ত্রীৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ কৰে ৰাজ্যখনৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মালিকে । মালিকৰ আৰু অভিযোগ, দুর্নীতিৰ কথা প্রকাশ্যত আনিবলৈয়ে তেওঁক গোৱা-ত্যাগ কৰিবলৈ কোৱা হৈছেঅ । প্রাক্তন ৰাজ্যপালৰ এই অভিযোগকেই হাথিয়াৰ বনাইছে তৃণমূলে । সেই পৰিকল্পনাৰ অংশ হিচাপে মঙলবাৰে পুৱা পানাজিৰ ৰাজভৱনত উপস্থিত হয় দলৰ সর্বভাৰতীয় সহ-সভাপতি লুইজিনহো ফেলেইৰা, সাংসদ সৌগত ৰায় ।

তৃণমূলৰ সর্বভাৰতীয় সহ-সভাপতি লুইজিনহোৱে সংবাদ মাধ্যমক কয়, ‘‘মুখ্যমন্ত্রী প্রমোদ সবন্তৰ পদত্যাগ বিচাৰি আমি ৰাজ্যপালক স্মাৰকলিপি জমা দিছো । আমাৰ দাবী, দুর্নীতিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত বিচাৰপতিৰে উচ্চ পর্যায়ৰ বিচাৰ বিভাগীয় তদন্ত । ৰাজ্যৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মালিকে মুখ্যমন্ত্রী সবন্তৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন কৰিছে ।’’

দুর্নীতিৰ অভিযোগ উত্থাপন কৰি বিজেপি শাসিত গোৱাৰ মুখ্যমন্ত্রী সবন্তৰ পদত্যাগ দাবী কৰিছে তৃণমূলে । ইয়াৰ বাবে ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিছে তেওঁলোকে । এইবাৰ চাপ বৃদ্ধি কৰিবলৈ ৰাজ্যপালৰ দ্বালস্থ হ’ল তৃণমূল ।

Exit mobile version