Pinaka : কার্গিলজয়ী পিনাকা এইবাৰ চীন সীমান্তত, শক্তি বৃদ্ধি কৰি বিধ্বংসী মূর্তিত বিনিদ্র পহৰাত

1635232783 4

চীন সীমান্তত অত্যাধুনিক মাল্টি-বেৰেল ৰকেট লঞ্চাৰ প্ৰেৰণ কৰিছে ভাৰতীয় সেনাই । শত্রুপক্ষৰ কামান বা ক্ষেপণাস্ত্রৰ অৱস্থান চিহ্নিত কৰি সেইটো ধ্বংস কৰা পিনাকাৰ কাম ।

এইটো এটা ৰকেট আর্টিলাৰী ছিষ্টেম । ১৯৯৬ত কার্গিল যুদ্ধত এই ৰকেট লঞ্চাৰ কামত লগোৱা হৈছিল ।

ভাৰত-পাকিস্তানৰ মাজৰ সেই যুদ্ধত ভাৰতক জয়ী কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল পিনাকাই । পাহাৰৰ ওপৰৰ পৰা শত্রুপক্ষৰ কামাণ্ড নিস্ক্রিয় কৰিবলৈ সফল হৈছিল । সেই পিনাকাই এইবাৰ আৰু শক্তি বৃদ্ধি কৰি পহৰা দিছে চীন সীমান্তত ।

কি এই পিনাকা ৰকেট লঞ্চাৰ ? কি ক্ষমতা আছে ইয়াৰ ? শত্রুপক্ষক নিমিষতে প্ৰতিহত কৰিবলৈ কিমান কাৰ্যকৰী ?

ভাৰতত তৈয়াৰী মাল্টিপল ৰকেট লঞ্চাৰ পিনাকা । ডিআৰডিঅ’ই এইটো তৈয়াৰ কৰিছে । মাত্র ৪৪ ছেকেণ্ডত একলগে ৭২টা ক্ষেপনাস্ত্র নিক্ষেপ কৰিবলৈ সক্ষম পিনাকা ।

এটা স্থানৰ পৰা অন্য স্থানত সহজে লৈ যাবৰ বাবে এইটো এটা ট্রাকৰ ওপৰত ৰখা থাকে । সেই ট্রাক চলাই ইয়াৰ স্থানান্তৰ কৰা হয় ।

সময়ৰ লগে লগে এই ৰকেট লঞ্চারৰৰ শক্তি বৃদ্ধি পাইছে । ডিআৰডিঅ’ৰ আৰু উন্নত সংস্কৰণ ভাৰতীয় সেনাবাহিনীৰ হাতত তুলি দিছে ।

১৯৮৬ৰ ডিচেম্বৰৰ পৰা এই ৰকেট লঞ্চাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় । বাজেট আছিল ২৬,৫০০ কোটি টকা ।

১৯৯২ৰ ডিচেম্বৰত ইয়াৰ কাৰ্য সম্পন্ন হয় । স্বয়ংক্রিয়ভাৱে, ৰিম’ট কন্ট্ৰ’লৰ জৰিয়তে কাম কৰিবলৈ সক্ষম এইটো ।

২০১৯ ত ইয়াৰ সর্বশেষ সংস্কৰণ আনে ডিআৰডিঅ’ই । ইয়াৰ পৰিসৰ আছিল ৯০ কিলোমিটাৰ ।

ইয়াৰ আৰু উন্নত সংস্কৰণ আনিবলৈ ইতিমধ্যে কাম আৰম্ভ কৰিছে ডিআৰডিঅ’ই । ইজৰায়েল মিলিটাৰী ইণ্ডাষ্ট্ৰিছ-ৰ স’তে যৌথভাৱে ইয়াৰ উন্নয়নত কাম কৰিছে ডিআৰডিঅ’ই ।

Exit mobile version