গোসাইগাঁৱত বিপিএফৰ কাৰ্যালয় জ্বলাই দিয়ে দুস্কৃতিকাৰীয়ে

de872fc1 c4e5 44e2 8855 26a5137df148

গোসাইগাঁৱৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ সভা আজি অন্তিমটো দিনত বিভিন্ন ৰাজনৈতিক দলৰে তৎপৰতা দেখা গৈছে।উপ নিৰ্বাচনৰ বাবে শান্তিপূর্ণভাবে প্ৰচাৰ অভিযান চলি থকাৰ মাজতে মঙলবাৰে নিশা ২৮ নং গোসাইগাঁৱ বিধানসভা সমষ্টিৰ আমলাইগুৰী, মালাগুৰীৰ বিপিএফৰ কাৰ্যালয় দৃষ্কৃতিকাৰীয়ে লণ্ড ভণ্ড কৰাৰ লগতে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিপিএফ কৰ্মীসকলে।

পুৱা ঘটনাস্থলীত শৰাইবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কোকৰাঝাৰ জিলা উপ-আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে বিপিএফৰ কৰ্মীসকলে গোসাইগাঁও আৰক্ষী থানাত ঘটনাৰ পৰিপ্ৰেক্ষিতত এজাহাৰ দাখিল কৰিছে।

Exit mobile version