Fake Call Centre : অনলাইনত ফোনৰ সলনি আহে চাবোন ! দিল্লীত প্রতাৰণা চক্র ফাদিল, গ্রেপ্তাৰ ৫৩

mqnofat fake call

স্মাৰ্টফোন বিক্রীৰ নামত প্রতাৰণা কৰা এটা চক্রৰ সন্ধান পাইছে দিল্লী আৰক্ষীয়ে । মঙলবাৰে দিল্লীৰ ৰোহিণীৰ পৰা ৫৩ জনক গ্রেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ ভিতৰত ৪৬ গৰাকীয়ে মহিলা ।

ডেপুটী কমিছনাৰ অৱ পুলিচ প্রণৱ তয়ালে জনাইছে, অভিযুক্তসকলে দুটা অবৈধ কলচেণ্টাৰ চলাইছিল । সেই কল চেণ্টাৰৰ মাধ্যমত প্রতাৰণাৰ জাল অন্য ৰাজ্যতো পেলাইছে বুলি তেওঁ জনাইছে ‌। আৰক্ষীয়ে জনাইছে স্মার্টফোন ডেলিভাৰীৰ নামত টকা লৈ ছই কল চেণ্টাৰৰ কর্মচাৰীসকলে । তাৰ পাছত ক্রেতাসকলক চাবোন, ৱালেট, বেল্টৰ দৰে সামগ্ৰী পার্চেল কৰি দিয়ে ।

প্রতাৰণাকাৰীসকলে ক্রেতাসকলক বিভিন্ন অফাৰৰ মাধ্যমত প্রলোভন দিয়ে । সীমিত সময়ৰ বাবে ১৮ হেজাৰ টকাৰ ম’বাইল ৪৫০০ টকাত লাভ কৰিব বুলি ফোন কৰে । সংস্থাৰ প্রতি বিশ্বাসযোগ্যতা বঢ়াবলৈ ফোন পঠায় ভাৰতীয় ডাকৰ মাধ্যমত । কেছ অন ডেলিভাৰীৰ সুবিধাও থাকে । কিন্তু ক্রেতাসকলে হাতত বাকছ পায় দেখে তাৰ ভিতৰত সস্তীয়া চাবোন, বেল্ট বা ৱালেট থাকে ।

মঙলবাৰে ৰোহিণীৰ দুটা কাৰ্যালয়ত অভিযান চলায় আৰক্ষীয়ে । দুখন ঠাইৰ পৰাই মুঠ ৫৩ জনক গ্রেপ্তাৰ কৰা হৈছে । লগতে ছটা কম্পিউটাৰ, এটা বাৰ কোড স্কেনাৰ, পাঁচটা ম’ডেম আৰু ৮৬টা স্মার্টফোন বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে ।

Exit mobile version