Jammu and Kashmir : পাকিস্তানৰ জয়ত দেশবিৰোধী শ্ল’গান, শ্রীনগৰৰ মেডিকেল কলেজত ইউএপিএ-ৰ অধীনত গোচৰ

400

দেওবাৰে টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ জয়ৰ পাছত দেশবিৰোধী শ্ল’গান দিয়াত শ্রীনগৰৰ দুখন মেডিকেল কলেজৰ ছাত্র-ছাত্রী, পৰিচালক মণ্ডলীৰ সদস্য আৰু হোষ্টেল ৱার্ডেনৰ বিৰুদ্ধে ইউএপিএ-ৰ অধীনত (বেআইনী কার্যকলাপ বিৰোধী) দুটা এফআইআৰ কৰিলে জম্মু-কাশ্মীৰ আৰক্ষীয়ে । সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত এনে ধৰণৰ ঘটনা জম্মু-কাশ্মীৰত এয়ে প্রথম । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাশ্মীৰত উপস্থিত থকাৰ সময়তে এই ঘটনাই চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে ।

শ্রীনগৰত ‘গভার্নমেন্ট মেডিকেল কলেজ (জিএমচি) আৰু শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (এছকেআইএমএছ)-ত এই ঘটনা সংঘটিত হয় । এনে ধৰণৰ একাধিক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত দেখা গৈছে, পাকিস্তানৰ সমর্থনত শ্ল’গান দিছে অভিযুক্তসকলে । ইয়াৰ উপৰি ভাৰত-বিৰোধী মন্তব্য‌ও শোনিবলৈ পোৱা গৈছে । চৌৰা আৰু কৰণ নগৰ থানাত এই এফআইআৰ দুটা দাখিল কৰা হৈছে । জম্মু-কাশ্মীৰৰ এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই কয়, ‘‘তদন্ত অব্যাহত আছে । এই গোচৰৰ মাধ্যমত আমি উদাহৰণ তৈয়াৰ কৰিম ।’’ এই ঘটনাবোৰত এতিয়াও অৱশ্যে কাকো গ্রেপ্তাৰ কৰা নাই ।

তদন্তকাৰীসকলে জনাইছে, ভিডিঅ’বোৰ পৰ্যৱেক্ষণ কৰি পদক্ষেপ গ্ৰহণ কৰা হ’ব । সংশ্লিষ্ট সূত্রৰ খবৰ, সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’বোৰৰ ভিতৰত বহুকেইটা ২০১৭ৰ বুলিও ধাৰণা কৰা হৈছে । তেওঁলোকৰ আশ্বাস, ‘‘তদন্তত সম্পূৰ্ণ বিষয়টো স্পষ্ট হ’ব ।’’ অনেকে ভিডিঅ’বোৰক লৈ ক্ষোভ উজাৰিছে সামাজিক মাধ্যমত ।

জিএমচি-ৰ এগৰাকী ছাত্রীয়ে কয়, ‘‘এনে চিকিৎসকসকল মানৱীয়তাৰ বাবে সংশয় । কাশ্মীৰত কর্মৰত সেনাসকলক তেওঁলোকে কেনেদৰে চিকিৎসা কৰিব ঈশ্বৰেই জানে !’’

আৰক্ষীৰ অৱস্থানৰ বিৰোধিতা কৰি জম্মু-কাশ্মীৰ ‘পিপলছ কনফাৰেন্স’-ৰ নেতা ছাজাদ লোনেৰ টুইট, ‘‘ম‌ই ইয়াৰ বিৰোধিতা কৰিছো । অন্য এটা দলক সমৰ্থন কৰোতেই যদি আপোনালোকে তেওঁলোকক (অভিযুক্তসকল) সম্পূৰ্ণ দেশপ্রেমী নহয় বুলি মানি লৈছে, তেনেহ’লে তেনে অভ্যাস ঘূৰাই অনাৰ সাহস থাশকা উচিত । শাস্তি দি কোনো লাভ নাই ।’’ এছকেআইএমএছ সূত্রৰ খবৰ, বিষয়টো পৰ্যৱেক্ষণ কৰিবলৈ কমিটী গঠন কৰা হৈছে । ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন বিচৰা হৈছে ।

ইপিনে, ২০১৯ত পুলৱামাত যি চিআৰপি কেম্পত সন্ত্ৰাসবাদীসকলে আত্মঘাতী আক্ৰমণ চলাইছিল, ফলত ৪০ জন অৰ্ধসেনা নিহত হৈছিল কালি তাতেই নিশা কটাইছে অমিত শ্বাহে । তাত তেওঁ নিৰাপত্তা বাহিনীক উদ্দেশ্যি বার্তা দিয়ে, ‘‘সম্পূর্ণ শান্তি ঘূৰি নহা পর্যন্ত স্বস্তি নাই‌ ।’’

তেনে সময়তে মঙলবাৰে পুনৰ বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰৰ বান্দিপোৰা অঞ্চল । পুৱা ১০বাজি ২০মিনিটত এটা সেনা কনভয়ত গ্রেনেড আক্ৰমণত ছজন আহত হৈছে বুলি আৰক্ষী সূত্রে খবৰ । গ্রেনেডটো লক্ষ্যভ্রষ্ট হৈ পথৰ দাঁতিত বিস্ফোৰণ হয় । আহতসকল সাধাৰণ নাগৰিক ।

Exit mobile version