খানাপাৰাত আবকাৰী অভিযান; চুলাই মদসহ অট’ জব্দ, আটক তিনি

WhatsApp Image 2021 10 28 at 7.25.24 PM

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী-বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।

আনহাতে, কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি গুৱাহাটী সদৰৰ আবকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত এটা আবকাৰী দলে আজি পুৱা খানাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথত সোণাপুৰৰ ডিগাৰুৰ পৰা এ এছ ০১ এম চি ৫৬৭৪ নম্বৰৰ এখন যাত্ৰীবাহী অট’ত কৌশলেৰে অনা অৱস্থাত প্ৰায় ৭০ লিটাৰ চুলাই মদ জব্দ কৰে ।

অভিযানত মদ সৰবৰাহ কৰা কৰা দুজনী মহিলাৰ লগতে চালকজনক আটক কৰা হয় । ইপিনে, আটকাধীন তিনিওজনৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩ (১) ক-ৰ অধীনত গোচৰ ৰুজু কৰি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

Exit mobile version