ছমাহৰ ভিতৰত আমেৰিকাত আক্ৰমণ চলাব আইছিছে :পেন্টাগনৰ সকীয়নি

1635326934 is

আফগানিস্তানস্থিত ইছলামিক স্টেট (আইছিছ)ৰ খুৰাচানৰ সদস্যই আগন্তুক ছমাহৰ ভিতৰত আমেৰিকাত ভয়াৱহ আক্রমণ সংঘটিত কৰিব পাৰে।

এই তথ্য প্রকাশ কৰিলে পেন্টাগনৰ এজন জ্যেষ্ঠ বিষয়াই। আমেৰিকাৰ প্ৰতিৰক্ষা উচ্চ সচিব কালিন কাহলে চোৰাংচোৱাৰ তথ্যৰ আধাৰত কয় যে আমেৰিকাই যদিও আফগানিস্তান ত্যাগ কৰিলে, এতিয়াও দেশখনৰ প্রতি ইছলামিক সন্ত্রাসবাদীৰ ভাবুকি আঁতৰ হােৱা নাই।

তালিবানে আফগানিস্তানৰ ক্ষমতা লাভ কৰিলে যদিও তেওঁলােকে আইছিছৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰি কাহলে কয় যে বৰ্তমানৰ পৰিস্থিতিত এই কথা নিশ্চিত হােৱা নাই যে তালিবানে আইছিছক নিয়ন্ত্রণ কৰিবলৈ সফল হ’ব নে নহয় ?

যদিহে সন্ত্রাসবাদী সংগঠনটোৱে আফগানিস্তানতাে আক্রমণ সংঘটিত কৰে, তেন্তে ই আমেৰিকাৰ বাবেও, বিপজ্জনক হ’ব পাৰে।

মার্কিন চোৰাংচোৱাই শেহতীয়াভাৱে লাভ কৰা তথ্য অনুসৰি আইছিছৰ সদস্যই আমেৰিকাত ভয়াৱহ এক আক্রমণ সংঘটিত কৰাৰ ষড়যন্ত্র ৰচিছে।

বিশেষকৈ তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা আফগানিস্তানৰ আইছিছ। পুনৰ অধিক শক্তিশালী হৈছে আৰু সন্ত্রাসবাদী সংগঠনটোৱে আগন্তুক ছমাহৰ ভিতৰত আমেৰিকাত আক্রমণ সংঘটিত কৰাৰ লক্ষ্যৰে প্রস্তুতি চলাইছে বুলি মার্কিন চোৰাংচোৱাই তথ্য লাভ কৰিছে বুলি কাহলে জানিবলৈ দিয়ে।

Exit mobile version