মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত অসম জাতীয় পৰিষদৰ গণ-গৰ্জন

আৰক্ষীৰ বেৰিকেট ভাঙি ৰাজভৱন যাত্ৰা, আহত প্ৰতিবাদকাৰী

’মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক’ – এই শ্ল’গানেৰে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদে । পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দলৰ সহস্ৰাধিক কৰ্মীয়ে মহানগৰীৰ টিচি পইন্টৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰি গৈ ৰাজভৱনৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ পদযাত্ৰা কালত কে’বাঠাইত প্ৰতিবাদকাৰীৰ স’তে হতাহতিত লিপ্ত হয় আৰক্ষী ৷ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদানৰ উদ্দেশ্যে আৰক্ষীয়ে কে’বাটাও স্থানত বেৰিকেট স্থাপন কৰিছিল যদিও বেৰিকেট ওফৰাই তেওঁলোক আগবাঢ়ি যায় । ফলত, আৰক্ষীৰ আক্ৰমণত কে’বাগৰাকী প্ৰতিবাদকাৰী আহত হয় ৷

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায় দুঘন্টাজুৰি চলা ঠেলা-হেঁচা, টনা-আঁজোৰা, খেদা-খেদি আৰু সশস্ত্ৰ চি আৰ পি এফৰ দ্বাৰা ৰচনা কৰা বেহু ভাঙি ৰাজভৱনত উপস্থিত হোৱা দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ প্ৰতিনিধি দলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য, খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈ তথা পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে ৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা বিজেপি দলৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি নিজৰ স্বাৰ্থান্বেষী কাম-কাজেৰে মূল্যবৃদ্ধি হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ অৰিহণা যোগাই আহিছে ৷

অসম জাতীয় পৰিষদে চৰকাৰৰ এনে জনবেৰোধী কাৰ্যৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ৰাজভৱনলৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ এই কাৰ্যসূচী হাতত লয় ৷ সেই মৰ্মে দিনৰ ১২ বজাত গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাৱ টি চি পইন্টত দলৰ সহস্ৰাধিক নেতা-কৰ্মী সমৱেত হয় ৷ সমৱেত প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে বাঁহৰ বেৰিকেট স্থাপন কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি নিবলৈ বহুকেইখন চিটি বাছ সাজু কৰি আনে ৷

প্ৰথমে তেওঁলোকে আৰক্ষীৰ বেৰিকেট ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বাধা দিয়ে আৰু তাতেই মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত তথা চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে ৷ কিছু সময় শ্ল’গান দি প্ৰতিবাদকাৰীসকলে আচম্বিতে পথ সলনি কৰি বিপৰীত দিশে অগ্ৰসৰ হ’বলৈ ধৰে । প্ৰতিবাদকাৰীসকলৰ এই কৌশলে কাম দিয়ে । এনে কৰাৰ ফলত চেদেলি-ভেদেলি হৈ পৰে আৰক্ষী-নিৰাপত্তাৰক্ষীসকল । এই সুযোগতে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিপৰীত দিশৰ বেৰিকেট ভাঙি গুৱাহাটী ক্লাৱ-বাৰোৱাৰী পথেৰে ৰাজভৱনলৈ উদ্দেশ্যি পদযাত্ৰা আৰম্ভ কৰে ৷

ৰাজভৱনলৈ যাত্ৰা কৰা পথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেট বহুৱায় যদিও প্ৰতিবাদকাৰীসকলে আটাইকেইটা বেৰিকেট ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয় ৷ বেৰিকেট ভেদ কৰিবলৈ যোৱা প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ স’তে প্ৰতিবাদকাৰীৰ কে’বা ঠাইত ঠেলা-হেঁচা আৰু হতাহতিৰ সৃষ্টি হয় ৷ বেৰিকেট অতিক্ৰম কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীক ৰখাবলৈ কে’বাঠাইত আৰক্ষীয়ে তেওঁলোকক খেদি যায় যদিও ব্যৰ্থ হয় ৷ আনহাতে, সমদলকাৰীক বাধা দিয়াৰ নামত অসম আৰক্ষী সেৱাৰ এগৰাকী বিষয়াই অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীৰ ডিঙিত চেঁপি ধৰাৰ ফলত বসুমতাৰীৰ ডিঙিৰ ছাল ফাটি ৰক্তক্ষৰণ হয় ৷

জাতীয় যুৱ শক্তিৰ কামৰূপ মহানগৰ সমিতিৰ মুখ্য আহ্বায়ক জিন্টু ডেকাক এগৰাকী আৰক্ষীয়ে গতা মাৰি দিয়াৰ ফলত ডেকাৰ মুখেৰে তেজ নিৰ্গত হয় ৷ পিছত আহত ডেকাক মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । তদুপৰি গীতা ৰাভা নামৰ আন এগৰাকী দলীয় সদস্য আৰক্ষীৰ আক্ৰমণত আহত হয় ৷ ঠেলা-হেঁচা, টনা-আঁজোৰা, খেদাখেদিৰে প্ৰায় এঘণ্টা সময় ধৰি প্ৰায় ডেৰ কিলোমিটাৰ পথ পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকল ৰাজভৱনৰ সন্মুখত উপস্থিত হয় আৰু তাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি লতাশিল থানালৈ লৈ যায় ৷

আনহাতে, দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাজভৱনলৈ গৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ হাতত স্মাৰকপত্ৰ অৰ্পন কৰে ৷ দলৰ সভাপতিৰ লগতে কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টা বসন্ত ডেকাৰে গঠিত প্ৰতিনিধি দলটোৱে ৰাজ্যপালক প্ৰদান কৰা স্মাৰকপত্ৰখনত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে কেনেকৈ জনজীৱন বিপন্ন কৰি তুলিছে তাৰ বৰ্ণনা দিয়াৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ হকে চৰকাৰখনে যে একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেই কথা উল্লেখ কৰি সেয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা ল’বলৈ দাবী জনায় ৷

আৰক্ষীৰ আক্ৰমণক গৰিহণা

অসম জাতীয় পৰিষদৰ গণগৰ্জন কাৰ্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰীক আৰক্ষীৰ লোকে আক্ৰমণ কৰি আহত কৰা ঘটনাক দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গৰিহণা দিয়ে ৷ নেতাদ্বয়ে কয় যে ‘ৰাইজৰ জীৱন-জীৱিকাৰ স’তে জড়িত বিষয়ক লৈ প্ৰতিবাদ কৰিবলৈ যোৱা লোকৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰা কাৰ্যত চৰকাৰখনৰ মন-মানসিকতা প্ৰতিফলিত হৈছে ৷  যিসময়ত অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে চকুৰে ধুঁৱলি-কুঁৱলি দেখিছে, তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সমগ্ৰ মন্ত্ৰীমণ্ডল ভোট বিচৰাৰ নামত বহুৱালি কৰাত ব্যস্ত৷ ৰাইজৰ দুৰ্দশাই তেওঁলোকৰ অন্তৰ চুব পৰা নাই ৷ এনে এখন চৰকাৰৰ আচলতে ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই ৷ একমাত্ৰ নিজৰ ঐশ্বৰ্য-বিভুতি ঘটা আৰু দলৰ শক্তি বৃদ্ধি কৰাটো বিজেপি দল আৰু তেওঁলোকৰ চৰকাৰৰ যে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য সেই কথা লুকাই থকা নাই ৷’

চৰকাৰখনৰ এনে স্বাৰ্থান্বেষী আৰু ফেচীবাদী কাৰ্যৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিয়াৰ সময় আহি পৰিছে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে ৷

Exit mobile version