Aryan Khan : অৱশেষত জামিন লাভ কৰিলে শ্বাহৰুখৰ পুত্ৰই

4c5dc6e4 33c0 11ec a581 90b85644888b 1635078186019 1635078198791

অৱশেষত জামিন লাভ কৰিলে আৰিয়ান খানে । আজি বু’ম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে শ্বাহৰুখ পুত্ৰক।

দেৱালীৰ পুৰ্বেই ঘৰলৈ উভতি অহাৰ সম্ভাৱনা শ্বাহৰুখ খান আৰু গৌৰী খানৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান । তেওঁক আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা ‘মান্নাত’লৈ উভতি যাবলৈ অনুমতি দিলে আদালতে।

মঙলবাৰে আৰু বুধবাৰে অসম্পূৰ্ণ হৈছিল আৰিয়ানৰ জামিনৰ শুনানি । তৃতীয় দিনা ৰায় ঘোষণা কৰিলে উচ্চ ন্যায়ালয়ে।

শুকুৰবাৰে বা শনিবাৰে ঘৰলৈ উভতি অহাৰ সম্ভাৱনা আছে আৰিয়ানৰ । মুনমুন ধামেচা আৰু আৰবাজ মাৰ্চেণ্টকো জামিন দিয়া হৈছে। উচ্চ ন্যায়ালয়ে শুকুৰবাৰে তিনিওজন লোকক জামিন দিয়াৰ কাৰণবোৰ বৰ্ণনা কৰিব ।

আৰিয়ানক দুই অক্টোবৰত মুম্বাইৰ পৰা গোৱাৰ অভিমুখী এখন প্ৰমোদতৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছত তেওঁক তিনি অক্টোবৰত নাৰ্ক’টিক্স ক’ণ্ট্ৰল ব্যুৰো (এনচিবি)ৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে তেওঁৰ জামিনৰ আবেদন মুঠ দুবাৰ নাকচ কৰা হৈছিল।

Exit mobile version