COVID Cases : বিদ্য়ালয় খুলিলেই বিপত্তি ! কর্নাটকৰ আবাসিক স্কুলত ক’ভিড আক্রান্ত ৩৩ শিক্ষাৰ্থী

i1ied698 delhi coronavirus test pti

বিদ্য়ালয় খোলাৰ পাছতে বিপত্তি কর্নাটকত । কর্নাটকৰ কোদাগু জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ৩৩ জন শিক্ষাৰ্থী ক’ভিডত আক্রান্ত হৈছে । ইয়াৰ পাছতেই আবাসিক বিদ্য়ালয়খনক কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰা হৈছে । আক্রান্ত শিক্ষাৰ্থীসকলৰ অধিকাংশই ক’ভিডৰ লক্ষণহীন ।

সম্প্রতি বিদ্য়ালয়খনৰ বহুকেইজন শিক্ষাৰ্থী জ্বৰত আক্রান্ত হৈছিল । পাছত আবাসিক বিদ্য়ালয়ত থকা ২৮৭ জন শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা কৰায় স্কুল কর্তৃপক্ষই । বুধবাৰে সেই পৰীক্ষাৰ প্ৰতিবেদন আহে । প্ৰতিবেদনত দেখা যায় ৩৩ জন কৰ’নাত আক্রান্ত হৈছে । বিদ্য়ালয়খনৰ যিসকল ক’ভিড আক্রান্ত নহয়, তেওঁলোকক সাত দিনৰ কোৱাৰেণ্টাইনত ৰখা হৈছে ।

বৃহস্পতিবাৰে বিদ্য়ালয় পৰিদর্শন কৰে জিলাৰ স্বাস্থ্য বিষয়াই । তেওঁ শিক্ষাৰ্থীসকলৰ পিতৃ-মাতৃক আতংকিত নহ’বলৈ কৈছে । বিদ্য়ালয়খনৰ প্রধান শিক্ষক পংকজাছানে কয়, ‘‘আক্রান্তসকলৰ স্বাস্থ্য়ৰ উন্নতি হৈছে । ভয়ৰ কোনো কাৰণ নাই । সম্পূৰ্ণ বিদ্য়ালয় চৌহদ ছেনিটাইজ কৰা হৈছে । তদুপৰি, সতর্কতামূলক সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে ।’’

কর্নাটকত ২৫ অক্টোবৰৰ আৰম্ভ হৈছে প্রথমৰ পৰা পঞ্চমমানৰ শ্রেণী । ষষ্ঠৰ পৰা অষ্টম শ্রেণীৰ ক্লাছ আৰম্ভ হৈছিল ছয় ছেপ্টেম্বৰ আৰু নৱমৰ পৰা দ্বাদশ শ্রেণীৰ ক্লাছ আৰম্ভ হৈছে ২৩ আগষ্টৰ পৰা ।

Exit mobile version