NEET Result 2021 : ব’ম্বে উচ্চ ন্য়ায়ালয়ৰ নির্দেশত স্থগিতাদেশ, স্নাতক স্তৰৰ মেডিকেল প্রৱেশিকাৰ ফল প্রকাশৰ নির্দেশ উচ্চতম ন্য়ায়ালয়ৰ

1002652 1001924 neet 2021

স্নাতক স্তৰৰ মেডিকেল প্রৱেশিকাৰ ফলাফল প্রকাশৰ নির্দেশ । নেচনেল টেষ্টিং এজেন্সিক ফল প্রকাশৰ নির্দেশ দিছে উচ্চতম ন্য়ায়ালয়ে । ব’ম্বে উচ্চ ন্য়ায়ালয়ৰ ফল প্রকাশ স্থগিতৰ নির্দেশত স্থগিতাদেশ সর্বোচ্চ আদালতৰ ।

আজি উচ্চতম ন্য়ায়ালয়ে নেচনেল টেষ্টিং এজেন্সিক নিট স্নাতক ২০২১ স্তৰৰ প্রৱেশিকা পৰীক্ষাৰ ফল প্রকাশৰ অনুমতি দিলে ।ইয়াৰ পূৰ্বে ব’ম্বে উচ্চ ন্য়ায়ালয়ে ফলাফল প্রকাশ স্থগিত ৰখাৰ নির্দেশ দিছিল । দুই আণ্ডাৰগ্ৰেজুৱেট মেডিকেল প্রার্থীৰ পৰীক্ষা পুনৰ গ্রহণৰ বাবে এনটিএ-ক ফল প্রকাশ স্থগিত ৰাখিবলৈ কৈছিল ।

ন্য়ায়াধীশ এল নাগেশ্বৰ ৰাও, ন্য়ায়াধীশ সঞ্জীৱ খন্না, ন্য়ায়াধীশ বিআৰ গাভাইৰ বেঞ্চে ব’ম্বে উচ্চ ন্য়ায়ালয়ৰ ফল প্রকাশৰ ক্ষেত্রত সাম্প্রতিক স্থগিতাদেশ স্থগিত ৰাখিছে । এই গোচৰত এনটিএ-ৰ পক্ষত প্ৰশ্ন কৰে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই । এই গোচৰত তেওঁৰ মন্তব্য বিবেচনা কৰিছে উচ্চতম ন্য়ায়ালয়ৰ বেঞ্চে । ইয়াৰ পাছতেই উচ্চতম ন্য়ায়ালয়ৰ বেঞ্চে জনায়, ব’ম্বে উচ্চ ন্য়ায়ালয়ৰ নির্দেশত স্থগিতাদেশ দিয়া হৈছে । নেচনেল টেষ্টিং এজেন্সিয়ে ফলাফল ঘোষণা কৰিব পাৰে ।

উচ্চতম ন্য়ায়ালয়ৰ বেঞ্চে জনাইছে, সেই দুই পৰীক্ষার্থীৰ কি কৰা হ’ব, সেই বিষয়ে দীপাৱলীৰ ছুটিৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । ইয়াৰ বাবে ১৬ লাখ শিক্ষাৰ্থীৰ ফলাফল বন্ধ কৰি ৰাখিব নোৱাৰি ।

ব’ম্বে উচ্চ ন্য়ায়ালয়ে যোৱা ২০ অক্টোবৰত এই দুইশিক্ষাৰ্থীৰ পৰীক্ষা নতুনকৈ লোৱাৰ নির্দেশ দিছিল । তেওঁলোকৰ ফলাফল যোৱা ১২ ছেপ্টেম্বৰত গৃহীত পৰীক্ষাৰ মূল ফলাফলৰ স’তে প্রকাশৰ নির্দেশ দিয়া হৈছিল এনটিএ-ক ।

উচ্চ ন্য়ায়ালয়ে উল্লেখ কৰিছিল যে, এই দুই পৰীক্ষার্থীৰ পৰীক্ষাৰ প্রশ্নপত্র আৰু উত্তৰপত্রৰ মাজত সামঞ্জস্য নাছিল । পৰীক্ষা কেন্দ্রত পৰীক্ষা আৰম্ভ দোৱাৰ আগতেই এই গোলমাল হৈছিল । সেয়ে এই দুই পৰীক্ষার্থীক নতুনকৈ পৰীক্ষাত বহাৰ  সুযোগ  প্ৰদানৰ নির্দেশ দিয়ে উচ্চ ন্য়ায়ালয়ে ।

Exit mobile version