সমষ্টিটোত যিমানবোৰ বান আৰু খহনীয়া ৰোধৰ কাম আছে সকলোখিনি পৰ্যায়ক্ৰমে কৰিবলৈ চেষ্টা কৰা হ’ব : মন্ত্ৰী হাজৰীকা

সৰুপথাৰ সমষ্টিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, প্ৰস্তাৱিত বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বচাপথাৰ গাঁও আৰু হেৰহেৰি গাঁৱৰ দৈয়াং নদীৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰে । স্থানীয় বিধায়ক বিশ্বজিত ফুকনৰ স’তে মন্ত্ৰীগৰাকীয়ে খহনীয়া অধ্যুষিত অঞ্চল পৰিভ্ৰমণ কৰি স্থানীয় মানুহৰ লগত মত বিনিময় কৰে আৰু খহনীয়াৰোধৰ বাবে বিভাগীয়ভাৱে আৰম্ভ হ’ব লগা কামৰ বিষয়ে উল্লেখ কৰে ।

স্থানীয় ৰাইজক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই কয় যে, বিভাগে ইতিমধ্যে সমষ্টিটোৰ অন্তৰ্গত হেৰহেৰি গাঁৱৰ বিভিন্ন অঞ্চলত খহনীয়া ৰোধ তথা মথাউৰিৰ নিৰাপত্তাৰ বাবে প্ৰায় পাঁচ কোটি ১০ লাখ টকাৰ এখন আচঁনিত অনুমোদন জনাইছে আৰু অনাগত ডেৰ-দুই মাহত এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব । আনহাতে, দৈয়াং নদীৰ খহনীয়াত আক্ৰান্ত বচাপথাৰ অঞ্চলতো এইবাৰ প্ৰায় তিনি লাখ টকাৰ ব্যয় সাপেক্ষ খহনীয়া ৰোধৰ এক প্ৰকল্প শীঘ্ৰে হাতত লোৱা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী হাজৰিকাই স্থানীয় ৰাইজৰ উপস্থিতিত বিভাগীয় বিষয়াক জনায় যে কাম আৰম্ভ হোৱাৰ লগে লগে তেওঁ নিজে কামৰ তদাৰক কৰিবলৈ অঞ্চলটোলৈ যাব আৰু বিভাগীয় বিষয়াকো ভালদৰে কাম কৰিবলৈ আহ্বান জনায় । অসম চৰকাৰৰ বান আৰু খহনীয়ামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিবলৈকে বিগত সময়ত প্ৰায় চাৰি মাহ ধৰি বিভিন্ন অঞ্চলত বান আৰু খহনীয়াত আক্ৰান্ত স্থান পৰিদৰ্শন কৰি আহিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেঁও সকলো কামৰ প্ৰত্যক্ষৰূপত তদাৰক কৰি থাকিব ।

বিভাগে বাৰিষা কালত অস্থায়ী কাম কৰাটো স্থায়ী কামৰ সমানে সমানে জৰুৰী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষা আচলতে স্থায়ী কাম বন্ধ ৰাখি অস্থায়ী কামবোৰহে কৰা উচিত । আনহাতে, বাৰিষাৰ আগে আগে স্থায়ী কামবোৰ সমাপ্ত কৰাৰ ক্ষেত্ৰতো মন্ত্ৰী হাজৰিকাই সমানে জোৰ দিয়ে । অঞ্চলটোত উপস্থিত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, সৰুপথাৰ সমষ্টিত এইবাৰ দুটা প্ৰকল্পৰ কাম ডেৰ মাহৰ পৰা দুই মাহৰ ভিতৰত আৰম্ভ কৰা হ’ব আৰু সমষ্টিটোত যিমানবোৰ বান আৰু খহনীয়া ৰোধৰ কাম আছে সকলোখিনি পৰ্যায়ক্ৰমে কৰিবলৈ চেষ্টা কৰা হ’ব ।

মন্ত্ৰীগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত বিধায়ক বিশ্বজিত ফুকনৰ লগতে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা আৰু জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে ।

Exit mobile version