হামৰেণত বিজেপিৰ যোগদানৰ ৰাজনীতি

বিৰোধী পক্ষ ত্যাগ কৰি শাসনাধীস্থ পক্ষত যোগদান ৫৬ পৰিয়ালৰ

যিমানেই কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল বিজেপিৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলঙত । উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত ব্যাপক হাৰত দেখিবলৈ পোৱা গৈছে বিজেপিৰ যোগদানৰ ৰাজনীতি ।

ইতিমধ্যে, কাৰ্বি পৰিষদৰ হামৰেণ সমষ্টিত বিৰোধী পক্ষ ত্যাগ কৰি শাসনাধীস্থ পক্ষত ৫৬টা পৰিয়ালে যোগদান কৰি বিজেপিৰ শক্তি বৃদ্ধি কৰাৰ কথা প্ৰতিপন্ন কৰাৰ লগতে দাবী উত্থাপন কৰিছে বিজেপিয়ে ।

তুলনামূলকভাৱে কংগ্ৰেছৰ কাৰ্যাকালতকৈ বিজেপিৰ দিনত দুগুণ উন্নয়ন আৰু বিকাশ সাধন হৈছে বুলি দাবী তুলিছে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে।

গুৰুত্বপূৰ্ণ যে হামৰেণ মণ্ডল বিজেপি সমিতিৰ উদ্যোগত ডংকামোকামত আয়োজন কৰা যোগদান সভাত এই মন্তব্য কৰে তিমুঙে। লগতে, কে’বা শতাধিক বিজেপি কৰ্মকর্তা-নেতাবৰ্গ উপস্থিত থকা সভাত তিমুঙে এই কথাও দাবী কৰে যে হামৰেণ সমষ্টিত চৰকাৰ বিৰোধী পক্ষ শূন্য প্ৰায় হৈ পৰিছে । অনাগত সময়ত অথবা নিৰ্বাচনত বিৰোধী পক্ষই কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বিজেপিত বুলি প্ৰকাশ কৰে তিমুঙে।

আনহাতে, বিধানসভা উপ-নিৰ্বাচনত অসমৰ পাঁচোটা সমষ্টিতে বিজেপিয়ে বিপুল ভোটেৰে জয়লাভ কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে তিমুঙে।

Exit mobile version