ৰাইজৰ দলে থাওৰা অথবা মৰিয়নি সমষ্টিত মদ আৰু নগদ ধন বিলাইছে‌ : মন্ত্ৰী পীযুষ হাজৰীকা

মদ আৰু টকাৰ স'তে আতক ব্যক্তিজন কৃষক মুক্তিৰ ছাত্ৰনেতাৰ গাড়ীচালক

WhatsApp Image 2021 10 29 at 5.46.56 PM 1

উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত থাওৰা সমষ্টিত ৰাইজৰ দলৰ এজন সমৰ্থকক মদ আৰু টকাৰে স’তে আতক কৰাৰ অভিযোগ অস্বীকাৰ কৰি বিধায়ক অখিল গগৈয়ে আতক হোৱা ব্যক্তিজন ৰাইজৰ দলৰ নহয় বুলি দাবী কৰাৰ পাছত মন্ত্ৰী পীযুষ হাজৰীকাই আজি এই ক্ষেত্ৰত তেঁওৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । গোলাঘাট জিলাৰ সৰুপথাৰত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী গৰাকীয়ে কয় যে, তেঁওলোকৰ লগত থকা তথ্য অনুসৰি মদ আৰু টকাৰ স’তে আতক হোৱা সন্তোষ মৰাণ নামৰ ব্যক্তিজন কৃষক মুক্তিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ গাড়ীচালক ।

মন্ত্ৰীগৰাকীয়ে কয় যে, অখিল গগৈয়ে যিমানেই স্পষ্টীকৰণ নিদিয়ক কিয়, মদ আৰু টকাৰ স’তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিৰ গাড়ী চালকজন ধৰা পৰাৰ ঘটনাটোৱে দিনৰ পোহৰৰ দৰে এই কথা প্ৰমাণ কৰে যে ৰাইজৰ দলে থাওৰা অথবা মৰিয়নি সমষ্টিত মদ আৰু নগদ ধন বিলাইছে তথা বহুত ওলট-পালত কাম কৰিছে ।

ৰাইজৰ দলৰ এনে কাৰ্যৰ পাছতো কিন্তু ৰাইজে বহু ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীকহে জিকাব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে উপ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰাৰ্থী গোটেই পাঁচোটা সমষ্টিত জিকিব । আনহাতে, অখিল গগৈয়ে বিজেপি দলে উপ নিৰ্বাচনত ৫০ কোটি টকা খৰছ কৰা বুলি কৰা অভিযোগৰ ক্ষেত্ৰত সাংবাদিকে মন্ত্ৰী হাজৰিকাৰ মতামত জানিব বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, এটা উপ নিৰ্বাচনত ৫০ কোটি টকা খৰছ কৰা কথাটো কোনোমতে মানি ল’ব নোৱাৰে, আৰু যদি কোনোবাই খৰছ কৰাৰ ধৃষ্টতা দেখুৱাইও, সেয়া সমষ্টিবাসীৰ বাবে অসন্মানৰ কথা । থাওৰা সমষ্টিৰ মানুহ ৫০ কোটি টকাত বিক্ৰী যোৱা বিধৰ নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে কথা কৈ অখিল গগৈয়ে থাওৰা সমষ্টিৰ মানুহক বাৰে বাৰে অপমান কৰিছে ।

Exit mobile version