Afghanistan : লগ অন ! গোপনে ক্লাছ চলিছে আফগান মহিলাৰ

online classes e1580414998826

ক্ষমতাত আহিয়ে মহিলাসকলৰ স্কুল-কলেজ যোৱা নিষিদ্ধ ঘোষণা কৰিছে আফগানিস্তানৰ নতুন তালিবান চৰকাৰে । ১২ বছৰৰ ঊর্ধ্বত শিক্ষাগ্ৰহণ কৰিলেই কঠোৰ শাস্তি । যদিও সেই ‘ফতোৱা’ নামানি গোপনে শিক্ষা অব্যাহত ৰাখিছে আফগান সাহসীসকলে ।

হেৰাটৰ বাসিন্দা জায়নাব মহম্মদিয়ে প্ৰত্যেকদিনে লগ অন কৰে । অনলাইনত ক্লাছ চলিছে কোডিঙৰ । আগষ্টৰ পৰা বন্ধ হৈ আছে তেওঁলোকৰ বিদ্যালয় । ২৫ বছৰ বয়সৰ যুৱতীয়ে কয়, ‘‘আমাৰ দৰে মহিলাসকলৰ বাবে হুমকি আছে । মৃত্যুভয় আছে । তালিবান যদি গ’ম পায়… হয়তো আমাক কঠোৰ শাস্তি দিব । হয়তো শিৰ দলিয়াই মাৰি পেলাব । কিন্তু সেই ভয়ত আশা এৰিবলৈ আমি প্ৰস্তুত নহয় । আমি পঢ়া-শুনা চলায় যাম ।’’

যদি স্কুল, কলেজ বন্ধ তেন্তে কি আছে ! ইন্টাৰনেট আছে । প্রযুক্তিক হাঠিয়াৰ বনাই পঢ়া-শুনা চলাই যাবলৈ বদ্ধপৰিকৰ আফগান মহিলাসকল । ভিডিঅ’ কলত সাংবাদমাধ্যমক তেওঁলোকৰ এই যুঁজৰ কথা শুনাইছে মহম্মদিৰ দৰে বহুতেই । এনে শ শ আফগান মহিলাই অনলাইন ক্লাছ কৰিছে, অথবা কোনো গোপন অস্থায়ী শ্ৰেণীকোঠাত বহি পঢ়া-শুনা অব্যাহত ৰাখিছে ।

‘ক’ড টু ইন্সপায়াৰ’ (চিটিআই) আফগানিস্তানৰ প্রথম মহিলাৰ ক’ডিং একাডেমি । তেওঁলোকে এটা এনক্রিপটেড ভার্চুৱেল ক্লাছৰুম তৈয়াৰ কৰিছে । প্রতিষ্ঠানৰ প্রধান ফেৰেস্তে ফৰ’ই জনাইছে, তেওঁলোকে প্ৰায় ১০০ ছাত্রীক লেপটপ আৰু ইন্টাৰনেট দিছে । অনলাইনত পঢ়াৰ সকলো তথ্য দিয়া হয় । এই ক্লাছতেই আছে মহম্মদিও । যুৱতীগৰাকীয়ে কয়, ‘‘আমাৰ ঘৰত আবদ্ধ কৰি ৰাখিব পাৰে । কিন্তু ইন্টাৰনেটৰ জগতত কোনে ৰখাব ? ইয়াতটো কোনো সীমান্ত নাই । এইটোৱে প্রযুক্তিৰ মজা ।’’

ছেপ্টেম্বৰৰ পৰা ল’ৰাৰ বাবে স্কুল-কলেজ খুলিছে তালিবানে । প্রাথমিক স্কুলত যোৱাৰ অনুমতি আছে বালিকাসকলৰো । কিন্তু ১২ বছৰৰ ঊৰ্ধ্বৰসকলৰ ঘৰৰ পৰা বাহিৰত ওলোৱাৰ অনুমতি নাই । নতুন ‘তালিবান ২.০’-ৰ দাবী, সেই আগৰ জমানা নাই । মহিলাসকলো কিছুমান ৰেহাই দিয়া হ’ব । বছৰ শেষ হোৱাৰ আগতে জনোৱা হ’ব এই বিষয়ে । কিন্তু তালিবানৰ ওপৰত ভৰসা নাই আফগানিস্তানৰ সাধাৰণ জনতাৰ ।

ৰাষ্ট্ৰসংঘৰ মন্তব্য, দেশখনত ভয়াবহ লিংগ বৈষম্যতা থকাৰ সময়তে শিক্ষাৰ অভাৱত দাৰিদ্র, বাল্যবিবাহ, অল্প বয়সত সন্তান জন্ম দিয়া, নিজৰ অধিকাৰ সম্পর্কে অসচেতন, সাধাৰণ চৰকাৰী সেৱা সম্পর্কে অজ্ঞতা আছে আফগান মহিলাসকলৰ । ফৰ’ই কয়, ‘‘শিক্ষাৰ অধিকাৰ পালে মহিলাসকলে নিজৰ ভাল বুজি পাব‌, উপার্জন কৰিবলৈ শিকিব, নাৰী নির্যাতন কমিব, তেওঁলোকৰ কণ্ঠৰোধ কৰিব নোৱাৰিব সহজে । তালিবানে কেতিয়া পঢ়া-শুনাৰ অধিকাৰ দিব মহিলাসকলক, সেয়া ভাবি আমি অপেক্ষা কৰিব নোৱাৰোড়। আমাৰ শিক্ষা-অভিযান চলিব ।’’

ছাইক’লজিৰ ছাত্রী আইছাই ভাবিছিল, পঢ়া-শুনা সমাপ্ত কৰি দেশত মনোৰোগ বিশেষজ্ঞৰ কাম কৰিব । তালিবানে ক্ষমতা দখলৰ পাছত সেই স্বপ্ন ভাঙি গৈছে । তেওঁৰ পৰিয়ালক ইতিমধ্যে তালিবানে হুমকি দিছে । তৎস্বত্ত্বেও থমকি যোৱা নাই মহিলাসকল । আমেৰিকাৰ এটা সংস্থা (ইউনিভার্ছিটি অৱ পিপল)-ৰ অনলাইন ক’র্ছত তেওঁ যোগ দিছে । বিশ্ববিদ্যালয়খনে হেজাৰ গৰাকী আফগান যুৱতীক স্কলাৰশ্বিপ দিছে । আইছাই কয়, ‘‘স্নাতক হ’বৰ বাবে এইটোৱে মোৰ শেষ সুযোগ । এনেদৰে গোপনে পঢ়া-শুনা কৰাৰ বাহিৰে আমাৰ দৰে মহিলাৰ অন্য কোনো উপায় নাই ।’’

কিন্তু ইন্টাৰনেট বিশেষজ্ঞসকলৰ মন্তব্য, তালিবান শাসনত দেশখনৰ আর্থিক অৱস্থা শোচনীয় । বিদ্যুৎ সৰবৰাহৰ পৰা যোগাযোগকাৰী নেটৱর্ক তথা প্রযুক্তি পৰিকাঠামো বজায় ৰখা কঠিন হৈ পৰিব আফগানিস্তানৰ বাবে । ইয়াৰ উপৰি, চুবুৰীয়া দেশৰ ছেটেলাইট সংস্থা বা ফাইবাৰ প্রদানকাৰী সংস্থাসকলে (যেনে ইৰান স্নেপ ছার্ভিচেছ), লগতে তালিবানেও ইন্টাৰনেটত দৃষ্টি ৰখা আৰম্ভ কৰিব । ইন্টাৰনেট ব্যৱহাৰৰ নিষেধাজ্ঞাও জাৰি হ’ব পাৰে । কাবুলৰ আইটি কনছালটেন্ট মুস্তাফা সুলতানিৰ সংশয়, ‘‘অতি শীঘ্ৰে ডিজিটএল জগতত দৃষ্টি ৰখা আৰম্ভ কৰিব তালিবানে । বিশেষকৈ, তেওঁলোকৰ সমালোচকসকলক চিহ্নিত কৰিবলৈ ।’’

অৱশ্যে ইয়াৰ কোনো প্ৰভাৱ নপৰে ‘লার্ন’ নামক স্বেচ্ছাসেৱী সংগঠনৰ প্রতিষ্ঠাতা পাশতানা জালমাই খান দুৰানি-ৰ । এখন গোপন বিদ্যালয়ত ১০০ ছাত্রীক বিজ্ঞান, প্রযুক্তি, ইঞ্জিনিয়াৰিং আৰু অংকৰ পাঠদান কৰিছে তেওঁলোকে । তেওঁক ইন্টাৰনেট সেৱা দি সহায় কৰিছে আমেৰিকাৰ এটা সংস্থাই । ২৩ বছৰীয়া দুৰানিয়ে কয়, ‘‘তালিবানে মোক একো কৰিব নোৱাৰে । তেওঁলোকে যদি ইন্টাৰনেট বন্ধ কৰে, মোৰ নিজস্ব সেৱা আছে ।’’

(কিছু নাম পৰিৱৰ্তিত)

Exit mobile version