GOA-TMC : গোৱাত মমতাৰ উপস্থিতিত তৃণমূলত যোগ দিলে প্রাক্তন প্রতিদ্বন্দ্বী নাফিছাই

26362e3eb48aee9c54f50c96a29eb3d5

গোৱাত মমতা বন্দ্যোপধ্যায়ৰ উপস্থিতিত শুকুৰবাৰে তৃণমূলত যোগ দিলে অভিনেত্রী নাফিছা আলিয়ে । ৰাজ্যসভাত তৃণমূলৰ নেতা ডেৰেক অ’ব্রায়েনো উপস্থিত আছিল ।

ৰাষ্ট্ৰীয় স্তৰৰ সাঁতুৰবিদ তথা প্রাক্তন ভাৰতসুন্দৰী (মিছ ইণ্ডিয়া) নাফিছা ২০০৪ৰ লোকসভা নিৰ্বাচনত দক্ষিণ কলকাতা কেন্দ্রত কংগ্রেছ প্রার্থী হিচাপে মমতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয় । তেওঁ প্রথম ইউপিএ চৰকাৰৰ আমোলত ‘চিলড্রেন্স ফিল্ম ছ’ছাইটি অৱ ইণ্ডিয়া’-ৰ চেয়াৰপার্ছন পদতো নিযুক্ত হৈছিল । পাছত ২০০৯ ত দল বদল কৰি তেওঁ উত্তৰপ্রদেশৰ লখনৌ কেন্দ্রত সমাজবাদী পার্টীৰ প্রার্থী হয় । কিন্তু তাতো তেওঁ জয়ী নহয় ।

২০০৯ ৰ শেষত পুনৰ কংগ্রেছলৈ উভতে নাফিছা । কিন্তু বিগত কিছু বছৰত তেওঁক ৰাজনীতিত বিশেষভাৱে সক্রিয় দেখা নাযায় । তৃণমূলৰ তৰফৰ পৰা বার্তা দিয়া হৈছে গোৱাত আসন্ন বিধানসভা নিৰ্বাচনত দলৰ হৈ গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে নাফিছাই । নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ।

কলকাতাত জন্মগ্ৰহণ কৰিছিল নাফিছাই । লা মার্টিনিয়াৰ স্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰি কেমব্রিজ বিশ্ববিদ্যালয়লৈ যাত্রা কৰে । বহু বছৰ কলকাতাত উপস্থিত নাছিল যদিও, নিয়মিত খবৰ ৰাখিছিল বংগ আৰু তাৰ ৰাজনীতিৰ । সম্প্রতি ভবানীপুৰৰ উপনির্বাচনত বিপুল ব্যৱধানত মমতাৰ জয়ৰ পাছত তেওঁক ‘বেংগল টাইগ্রেছ’ বুলি শুভেচ্ছা জনায় নাফিছাই ।

Exit mobile version