Puneeth Rajkumar : হৃদৰোগত আক্ৰান্ত হৈ অভিনেতা পুনিত ৰাজকুমাৰৰ দেহাৱসান‌

Puneeth rajkumar 291021 Facebook 1200 3

দক্ষিণৰ জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰৰ শুকুৰবাৰে দেহাৱসান‌ ঘটে । হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত অভিনেতাজনক বাংগালুৰুৰ বিক্ৰম হাস্পতালত ভৰ্তি কৰা হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ । অভিনেতা ছনু ছুদে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি টুইট কৰিছে, “হাৰ্টব্ৰ’কেন ব্ৰ’কেন হাৰ্ট । তোমাক সদায় মিছ কৰিম ভাই । #পুনিতৰাজকুমাৰ” ।

কিংবদন্তি অভিনেতা ৰাজকুমাৰ আৰু পাৰ্বথামাৰ পুত্ৰ পুনিত ৰাজকুমাৰ । পুনিতে শিশু শিল্পী হিচাপে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু ১৯৮৫ত ‘বেত্তাদা হুভো’ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰো লাভ কৰিছিল । য়ুবৰাত্না, ৰাজকুমাৰ, অঞ্জনি পুত্ৰ, পাৱাৰ আৰু অপ্পুকে ধৰি তেওঁ ২৯খনতকৈও অধিক কানাড়া ছবিত অভিনয় কৰিছে । পুনিতৰ অনুগামীসকলে তেওঁক অপ্পু বুলি সম্বোধন কৰিছিল ।

লক্ষ্মী মাঞ্চুৱে অবিশ্বাস্যতা প্ৰকাশ কৰি লিখে, “অ’এমজি !!!!! ন’… এইটো সত্য হ’ব নোৱাৰে ! এইটো কেনেকে হ’ব পাৰে ? পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা । তোমাৰ আত্মাই চিৰশান্তিত থাকক । খুব সোনকালে গুচি গ’ল #পুনিতৰাজকুমাৰ ।”

প্ৰাক্তন ক্ৰিকেট খেলুৱৈ বীৰেন্দ্ৰ শ্বেহৱাগে অভিনেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় টুইট কৰে, “#পুনিতৰাজকুমাৰৰ মৃত্যুৰ কথা শুনি দুঃখিত । উষ্ণ আৰু নম্ৰ, তেওঁৰ মৃত্যু ভাৰতীয় চিনেমাৰ বাবে বৃহৎ আঘাত । তেওঁৰ আত্মাই সদ্‌গতি লাভ কৰক । ওম শান্তি ।”

Exit mobile version