RBI : ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ কার্যকালৰ ম্যাদ তিনি বছৰ বৃদ্ধি কৰিলে কেন্দ্ৰই

788036 shaktikanta das

ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)-ৰ গভর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা তিনি বছৰ বৃদ্ধি কৰিলে কেন্দ্রীয় চৰকাৰে । কেন্দ্রীয় মন্ত্রীসভাৰ নিয়োগ সংক্রান্ত কমিটীয়ে শুকুৰবাৰে এই সিদ্ধান্ত অনুমোদন কৰিছে ।

২০১৮ ৰ ডিচেম্বৰত উর্জিত পটেলৰ পদত্যাগৰ পাছত শক্তিকান্তক আৰবিআই গভর্নৰ পদত নিয়োগ কৰিছিল নৰেন্দ্র মোদী চৰকাৰে । তেওঁৰ প্রথম পৰ্যায়ৰ কার্যকালৰ ম্যাদ আছিল অহা ডিচেম্বৰ পর্যন্ত । কেন্দ্রৰ নতুন সিদ্ধান্ত অনুযায়ী ডিচেম্বৰৰ পাছত তিনি বছৰ দ্বিতীয় পৰ্যায়ৰ কার্যকাল হ’ব শক্তিকান্তৰ ।

Exit mobile version