দৰঙত পুনৰ কৰ’নাৰ ভয়াবহ ৰূপ

জ্ঞানবিকাশ একাডেমীৰ ২২ শিক্ষাৰ্থীৰ শৰীৰত পোৱা গৈছে ক'ভিড ১৯ ,সাত দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল বিদ্যালয়

IMG 20211030 160353

দৰঙত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ মঙলদৈৰ জ্ঞান বিকাশ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী নামৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত আজি কৰ’নাৰ অৱস্থিতি ধৰা পৰে ২২ গৰাকীৰ দেহত ।

একাডেমি খনৰ সঞ্চালক কুশল কলিতাই জনোৱা মতে কালি ধূলা অঞ্চলৰ এজন ছাত্ৰৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছত আজি এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷

অৱশ্যে চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আজি উপস্থিত থকা ১৫৭ জনৰহে ক’ভিড পৰীক্ষা কৰা হয় ৷ আক্ৰান্ত এগৰাকী ছাত্ৰীয়ে জনোৱা মতে, আক্ৰান্ত প্ৰায়সকলেই পানীলগা, কাঁহ, পাতলীয়া জ্বৰত ভোগী আছিল ৷

আনহাতে ছিপাঝাৰৰ ট্ৰিনিটি কলেজতো এজনৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি। উল্লেখ্য যে কালি দৰঙত তিনিজন ছাত্ৰৰ দেহত ক’ভিড ধৰা পৰিছিল।

বিদ্যালয় কেইখন ক্ৰমে, জ্ঞান বিকাশ একাডেমী, ছিপাঝাৰৰ ট্ৰিনিটি কলেজ আৰু খাৰুপেটীয়া প্ৰাথমিক বিদ্যালয়। ক’ভিডৰ উপস্থিতি পোৱা এই সমূহ শিক্ষানুষ্ঠানৰ সেয়েহে ছাত্র-ছাত্ৰী সকলৰ আজি কৰ’না পৰীক্ষা কৰা হৈছিল।

দৰং জিলা প্ৰশাসনে সাত দিনৰ বাবে জ্ঞান বিকাশ একাডেমী বন্ধ ঘোষণা কৰাৰ লগতে চেনিটাইজ কৰাৰ ব্যৱস্থা লৈছে। কিন্তু “কইন্টেইনমেন্ট জ’ন” ৰূপে অঞ্চলটো এতিয়ালৈকে ঘোষণা কৰা বুলি পোষ্টাৰ আৰি নিদিয়াটো তাৎপৰ্যপূৰ্ণ ৷

বিদ্যালয় সমূহ দীঘলীয়া বন্ধ থকাৰ পাছত এতিয়া পৰ্য্যায় ক্ৰমে বিদ্যালয় সমূহ খোলাৰ পাছতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাত পুনৰ আতংকৰ সৃষ্টি হৈছে জিলাখনত ।

বিশেষকৈ এতিয়ালৈকে ভেকচিন প্ৰদান নোহোৱা ১৮ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই সংক্ৰমণ দ্ৰুতগতিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ সেয়ে সচেতন মহলে সকলো শিক্ষানুষ্ঠান সকলো ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৷

আনহাতে বহু শিক্ষানুষ্ঠানত ক’ভিড বিধি ধোৱাচাঙত উঠা বুলিও অভিযোগ উঠিছে ৷ কিয়নো ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পৰিধান কৰাতো দূৰৰে কথা বিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণীকোঠা নিৰ্বিজানুকৰণ কৰা, ছাত্ৰ-ছাত্ৰীক সঘনে হাত ধোৱাৰ ব্যৱস্থা কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰোৱা, ৩০ জনতকৈ কম সংখ্যক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা আদি নিয়মবোৰ পালন নকৰা পৰিলক্ষিত হৈছে ৷

Exit mobile version