পুনৰ এক চাঞ্চল‍্যকৰ হত্যাকাণ্ড! পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

death 3323053 835x547 m

পুনৰ এক চাঞ্চল‍্যকৰ হত্যাকাণ্ড!আজি খানাপাৰাৰ নলাত উদ্ধাৰ হৈছে পলিথিনেৰে মেৰিওৱাই থোৱা অৱস্থাত এটা মহিলাৰ মৃতদেহ ।

উদ্ধাৰ কৰা হৈছে পলিথিনেৰে মেৰিওৱাই থোৱা মৃতদেহটোৰ কঁকালৰ তলৰ অংশ । মৃতদেহটোক কে’বাটুকুৰা কৰি পলিথিনত ভৰাই পেলাই থৈছিল দুৰ্বৃত্তই।

খানাপাৰাৰ উৰণীয়া সেতুৰ তলত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে ঘটনাৰস্থলীত আহি উপস্থিত হয় আৰক্ষী ।

ইতিমধ্যে মৃতদেহটো কোনো মহিলাৰ বুলি চিনাক্ত কৰা হৈছে আৰু মৃতদেহৰ ওপৰৰ অংশ বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

Exit mobile version