ভৰিত ধৰি তললৈ মূৰ কৰি ছাত্রক ওপৰ মহলাৰ পৰা ওলমাই শাস্তি

প্রধান শিক্ষকক গ্ৰেপ্তাৰ

unnamed 1

উত্তৰ প্ৰদেশৰ মির্জাপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষই এজন দ্বিতীয় শ্ৰেণীৰ শিশু ছাত্ৰক প্ৰদান কৰা ‘শাস্তি’য়ে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কণমাাানি ছাত্ৰজনৰ এখন ভৰিত ধৰি বিদ্যালয়ৰ ওপৰৰ মহলাৰ পৰা খোলা বাৰাণ্ডাৰে ওলমাইছে শিক্ষকজনে। এই কাৰ্যৰ বাবে অধ্যক্ষ মনোজ বিশ্বকর্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শিশু আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছনু যাদৱে টিফিনৰ সময়ত এজন সহপাঠীক কামুৰি দিছিল। তাৰ ফলতে ছনু অধ্যক্ষৰ এনে আচৰণৰ সন্মুখীন হয়।

শিক্ষকজনে ভৰিত ধৰি তললৈ মূৰ কৰাই ওলমাই ৰখাৰ সময়ত কণমানি ছাত্রটিয়ে দুহাত প্ৰসাৰিত কৰি নিজকে বচোৱাৰ চেষ্টাৰ ভয়ংকৰ দৃশ্য চাবলৈ সতীৰ্থসকলে ভিৰ কৰা দেখা যায়।

অৱশ্যে অধ্যক্ষৰ কোনো ভ্রূক্ষেপ নাই। তেওঁ বাৰম্বাৰ ভাবুকি দিছিল যে ক্ষমা নিবিচাৰিলে মাটিত পেলাই দিয়া হ’ব। শিক্ষকজনৰ এনে নির্মম আচৰণৰ ভিডিঅ’ প্রত্যক্ষ কৰি উত্তৰ প্ৰদেশৰ জিলা প্রশাসনে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে আৰু গ্ৰেপ্তাৰ কৰে অধ্যক্ষক।

অৱশ্যে এই ক্ষেত্ৰত ছাত্ৰজনৰ পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া অতি সাধাৰণ। তেওঁলোকে কয়, ‘গুৰুজীয়ে যি কৰিছে সেয়া ভুল হ’ব পাৰে। দৰাচলতে তেওঁ ভাল ভাবিয়ে এনে শাস্তি দিছে। ইয়াৰ মাতৃয়ে কয় যে পুত্র অত্যন্ত দুষ্ট বাবে তেওঁলোকে শিক্ষকক অনুৰোধ জনাইছিল। সেই মর্মে প্রধান শিক্ষকক অনুৰোধ জনাইছিল।সেই মৰ্মে প্ৰধান শিক্ষকে শিক্ষা দিছে বুলিও জনায়।

Exit mobile version