৫১বছৰ পাছত আৰক্ষীয়ে ঘূৰাই দিলে হেৰাই যোৱা পাৰ্ছ:গৰাকীয়ে খুলি হ’ল অভিভূত

download

হেৰাই যোৱা সামগ্ৰীৰ সন্ধান লাভ কৰোতে কেতিয়াবা পলম হয়। কেতিয়াবা হেৰুওৱা সামগ্ৰীৰ সন্ধান লাভ কৰা নহয়। কিন্তু হেৰাই যোৱা কোনো সামগ্রী ৫১ বছৰৰ পাছত উদ্ধাৰ হোৱাৰ কথা কেতিয়াবা ক’ৰবাত শুনিছে নে?

অবিশ্বাস্য যেন লাগিলেও আমেৰিকাত এনে এক ঘটনা সংঘটিত হ’ল। আমেৰিকাৰ কানছাছৰ আৰক্ষীয়ে অলপতে এটা ৫১ বছৰ পূৰ্বে সন্ধানহীন হোৱা পাৰ্ছ অৰ্থাৎ মানিবেগ গৰাকীক উভতাই দি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সবাতোকৈ আশ্চৰ্যৰ কথাটো হ’ল এই মানিবেগত সকলো সা-সামগ্রী সম্পূর্ণ অক্ষত আছিল।

দৰাচলতে এই ঘটনা সংঘটিত হ’ল আমেৰিকাৰ কানছাছৰ গ্রেট ব্ৰেণ্ড আৰক্ষী থানাৰ অধীনত। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ১৯৭০ তে এজন ব্যক্তিয়ে তেওঁৰ এটা পাৰ্ছ হেৰুৱাইছিল।

এই সন্দৰ্ভত উক্ত ব্যক্তিয়ে আৰক্ষীক গোচৰো দিছিল। আৰক্ষীয়ে সেই সময়ত পাৰ্ছৰ সন্ধানত অভিযান চলাইছিল যদিও ইয়াৰ সন্ধান উলিয়াবলৈ সফল হোৱা নাছিল।

২০২১ত অৱশেষত আৰক্ষীয়ে উক্ত ব্যক্তিৰ হেৰাই যোৱা পাৰ্ছৰ সন্ধান উলিয়ালে৷ অৱশ্যে আৰক্ষীয়ে ক’ত আৰু কেনেকৈ পাৰ্ছৰ সন্ধান লাভ কৰিলে সেই সন্দৰ্ভত সবিশেষ প্রকাশ কৰাৰ পৰা বিৰত আছে।

পাৰ্ছৰ সন্ধান লাভৰ পাছত আৰক্ষীয়ে উক্ত পাৰ্ছৰ গৰাকীৰ সন্ধান বিচাৰিবলৈ আৰম্ভ কৰে। অৱশেষত কানছাছৰ ল’ৰেন্সত পাৰ্ছটোৰ গৰাকীৰ সন্ধান আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়।

পাৰ্ছৰ গৰাকীৰ সন্ধান উলিয়াই আৰক্ষীয়ে যেতিয়া পাৰ্ছটোক তেওঁৰ হাতত অৰ্পণ কৰিছিল তেতিয়া বৃদ্ধগৰাকীয়ে পাৰ্ছ হেৰুওৱাৰ কথা পাহৰি গৈছিল।

কিছু সময়ৰ পাছত ব্যক্তিজনে ৫১ বছৰ পূৰ্বে তেওঁৰ পাৰ্ছ এটা হেৰাই যোৱাৰ কথা মনত পেলাই আৰক্ষীৰ হাতত ইমান পুৰণি নিজৰ পাৰ্ছটো প্ৰত্যক্ষ কৰি আচৰিত হৈছিল।

ব্যক্তিজনে লগে লগে পাৰ্ছটো খুলি চাই সকলো নথি-পত্ৰ অক্ষত থকাটো প্রত্যক্ষ কৰি অবাক হয়। সামাজিক মাধ্যমত এই ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে সবিশেষ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অলপতে এজন ব্যক্তিয়ে থানালৈ আহি এই পাৰ্ছটো অৰ্পণ কৰিছিল ৷ পাছত আৰক্ষীয়ে পাৰ্ছটো খোলাত ভিতৰত ড্রাইভিং লাইচেন্স, সামাজিক সুৰক্ষা কার্ডসহ অন্যান্য নথি-পত্ৰসমূহ লাভ কৰে।

এই নথি-পত্ৰত উল্লেখ থকা ব্যক্তিৰ নাম ঠিকনাৰ সন্ধান চলাই পাৰ্ছৰ গৰাকীক অৱশেষত বিচাৰি উলিয়ালে। উক্ত পাৰ্ছত থকা গাড়ী চালকৰ অনুজ্ঞাপত্ৰখনৰ ম্যাদ ১৯৭৪ তে উকলি গৈছিল।

সুদীর্ঘ ৫১ বছৰৰ পাছত মনিবেগ উদ্ধাৰৰ এই ঘটনাক লৈ স্বয়ং আৰক্ষীও হতভম্ব হৈছে। পাৰ্ছৰ গৰাকীয়ে সামাজিক মাধ্যমত মন্তব্য কৰি কৈছে যে তেওঁৰ যে সেই পাৰ্ছটো হেৰাইছিল সেই কথা তেওঁ কেতিয়াবাই পাহৰি গৈছিল।

কিন্তু ৫১ বছৰৰ পাছত হেৰুওৱা পাৰ্ছ উভতাই লাভ কৰি আৰু সেই পাৰ্ছত সকলো সামগ্রী অক্ষত অৱস্থাত থকাত তেওঁ অভিভূত হৈছে। ব্যক্তিজনে লগতে কয় যে উক্ত পাৰ্ছটো তেওঁ নিজ হাতৰে তৈয়াৰ কৰিছিল।

Exit mobile version