Pope Francis: ভেটিকানত গৈ পোপৰ স’তে সাক্ষাৎ মোদীৰ,দিলে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ

1635591006 pope

ইটালী ভ্ৰমণৰ দ্বিতীয় দিনা ভেটিকানচিটিত গৈ পোপ ফ্ৰান্সিছৰ স’তে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।শনিবাৰে জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে তেওঁ ভেটিকান ভ্ৰমণ কৰি পোপক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।

ভেটিকানৰ মুৰব্বীগৰাকীক আলিঙ্গনৰ এখন ফটো পোষ্ট কৰি মোডীয়ে টুইটাৰত লিখিছে, “পোপ ফ্ৰান্সিছক স’তে সাক্ষাৎ কৰাটো আছিল উষ্ণতাৰ স্পৰ্শ । তেওঁৰ স’তে বিভিন্ন বিষয় আলোচনা কৰাৰ সুযোগ পাইছো। তেওঁক ভাৰতলৈ আহিবলৈও আমন্ত্ৰণ জনাইছো।’

বৈঠকৰ পাছত মোডীয়ে ৰোম ভ্ৰমণ কৰি জি-২০ সন্মিলনত অংশগ্ৰহণ কৰে।

প্ৰসংগত ২০১৩ চনত পোপৰ পদত অধিষ্ঠিত ফ্ৰান্সিছে প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মোডীকে ধৰি ভাৰতৰ মুঠ পাঁচজন প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে খিষ্ট্ৰান ৰোমান কেথলিক গোটৰ শীৰ্ষ ধৰ্মগুৰু পোপক সাক্ষাৎ কৰিছে।

Exit mobile version