Puneeth Rajkumar: পুনীতৰ মৃত্যুৰ খবৰত অনুৰাগীৰ আত্মঘাতী

puneethrajkumar 1 1045341 1635509700

শনিবাৰে বাংগালুৰুত প্ৰয়াত দক্ষিণ অভিনেতা পুনীত ৰাজকুমাৰৰ অন্তিম সংস্কাৰৰ বাবে প্ৰস্তুতি চলি আছে। শুক্ৰবাৰে আবেলি অসংখ্য অনুৰাগীসকল শোকস্তব্ধ হৃদৰোগত মৃত্যু এই তাৰকাৰ। কিন্তু কোনে জানিছিল যে তাৰকাগৰাকীৰ মৃত্যুৰ বাতৰি পায় আৰু তিনিজনৰ মৃত্য হ’ব!

কানাড়া চলচ্চিত্ৰৰ চুপাৰষ্টাৰ পুনীতৰ মৃত্যুৰ পাছত আত্মহত্যা কৰে এজন অনুৰাগীয়ে । লগতে আন দুজন অনুৰাগীৰ মৃত্যু হয় হৃদৰোগত ।

তথ্য অনুসৰি পুনীতৰ মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰাৰ ফলত মাৰুৰু গাঁৱৰ এজন ৩০ বছৰীয়া ব্যক্তিয়ে হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল।

গাওঁবাসীৰ মতে, মানুহজনে পুনীতৰ সকলো ছবি চাইছে। প্ৰিয় অভিনেতাজনে দূৰদৰ্শনত তেওঁৰ অসুস্থতাৰ বিষয়ে শুনি ভাঙি পৰিছিল তেওঁ। পাছত পুনীতৰ মৃত্যুৰ বিষয়ে শুনি হৃদৰোগত আক্ৰান্ত হয় মৃত্যু হয় ব্যক্তিজনৰ ।

একেদৰে, শিন্দোলী গাঁৱৰ এজন বাসিন্দাৰো মৃত্যু হৈছিল হৃদৰোগত । দূৰদৰ্শনত পুনীতৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত কান্দি কান্দি অসুস্থ হৈ পৰিছিল আৰু নিশা প্ৰায় ১১ বজাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

তৃতীয়জনে পুনীতৰ মৃত্যু খবৰ পায় হাত নিজৰ কাটিছিল। পৰিয়াল আৰু আৰক্ষীৰ সূত্ৰই কয় যে ব্যক্তিজনে পাছত তেওঁৰ ডিঙিত ৰছী ও লগাইছিল।

তাৰ আগতে লোকজনে ঘৰত পুনীতৰ ফটো ওলমাই আৰু তাত ফুল দি প্ৰয়াত অভিনেতাজনক শ্ৰদ্ধাঞ্জলি জনাইছিল। তাৰ পাছতে ডিঙিত ৰছী লৈ আত্মহত্যা কৰে বুলি সূত্ৰসমূহে জানিবলৈ দিয়ে।

পেছাত অট’ৰিক্সা চলাই থকা এজন ব্যক্তিয়েও আত্মহত্যাৰ চেষ্টা চলায় । পুনীতৰ মৃত্যুৰ কথা শুন নিজৰ অট’ত সজোৰেৰে আঘাত কৰে নিজকে।

বৰ্তমান তেওঁ উদুপী জিলাৰ এটা স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। মানুহজনে পাছত কৈছিল যে তেওঁ পুনীতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এই কাৰ্য্য টো কৰিছিল।

Exit mobile version